ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন, নিশা 12 বজাৰ পৰাই দিছপুৰৰ ঘৰত সহস্ৰাধিক শুভাকাংক্ষী - Assam CM Himanta Biswa Sarma

Assam CM Himanta Biswa Sarma Birthday :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন ৷ উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰিছে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা 12 বজাৰ লগে লগে শুভেচ্ছাৰে ওপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

Birthday Celebration of  Assam CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 7:21 AM IST

Updated : February 1, 2024 at 7:31 AM IST

2 Min Read
নিশা 12 বজাত দিছপুৰৰ বাসগৃহত শুভাকাংক্ষীৰ মাজত মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন ৷ আজি 55 বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 1969 চনৰ 1 ফ্ৰেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জন্মদিন উপলক্ষে মঙলবাৰৰ বিয়লিৰ পৰাই দিছপুৰস্থ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত দেখা গৈছিল অভূতপূৰ্ব আয়োজন ৷ মুখ্যমন্ত্ৰী চৰকাৰী আৱাসৰ কেউদিশে বিশাল ৰভা তৰি এই জন্মদিনৰ আয়োজন কৰা হৈছিল ৷ আনহাতে, বিগত দুদিন ধৰি দিল্লীত ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মা বুধবাৰে বিয়লিৰ ভাগত আহি উপস্থিত হয় গুৱাহাটীত ৷

গুৱাহাটীত ভৰি দিয়েই বুধবাৰে সন্ধিয়া দিছপুৰত এখন কেবিনেট বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰীয়ে ৷ তাৰ পিচতে নিশাৰ ভাগলৈ এজন দুজনকৈ শুভাকাংক্ষীৰ আগমন ঘটা পৰিলক্ষিত হয় মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ নিশা ঠিক 12 বজাৰ লগে লগে এক উৎসৱমূখৰ পৰিৱেশ বিৰাজ কৰে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৷ সহস্ৰাধিক শুভাকাংক্ষী আৰু অনুগামীয়ে নিশা 12 বজাৰ লগে লগে শুভেচ্ছাৰে ওপচাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷

Birthday Celebration of  Assam CM Himanta Biswa Sarma
নিশা 12 বজাত দিছপুৰৰ বাসগৃহত শুভাকাংক্ষীৰ মাজত মুখ্যমন্ত্ৰী

ফুলৰ টোৰা, গামোচা, শৰাই আদিৰে হাজাৰজনে যোৱা নিশা 12 বজাত জন্মদিনৰ শুভেচ্ছা আৰু ওলগ যাচে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ দলীয় কৰ্মী-সতীৰ্থ, নিজা সমষ্টি জালুকবাৰীৰ পৰা অহা অগণন শুভাকাংক্ষী আৰু অনুগামীৰ উপৰিও কেইবাগৰাকীও বিজেপি বিধায়ক আৰু মন্ত্ৰীক যোৱা নিশা 12 বজাত দেখা পোৱা যায় মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৷ এজন এজনকৈ সকলোৱে ওপজা দিনৰ ওলগ যাচে তেওঁক ৷ মধ্য নিশাৰ পৰা আৰম্ভ হোৱা জন্মদিনৰ এই শুভেচ্ছাপৰ্ব অব্যাহত থাকে পুৱতি নিশা পৰ্যন্ত ৷ কেবল এয়াই নহয়, সামাজিক মাধ্যমো ভৰি পৰে নানাজনৰ শুভেচ্ছাবাণীৰে ৷ নিশা 12 বজাৰ লগে লগে মন্ত্ৰী, বিধায়ককে ধৰি বিজেপিৰ বিভিন্ন নেতা আৰু বহু বিশিষ্ট ব্যক্তিয়ে নিজা নিজা X হেণ্ডেলত জন্মদিনৰ শুভেচ্ছাৰে উপচাই দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

লগতে পঢ়ক: কলাগুৰুৰ ওপজা দিনত গুৱাহাটী প্ৰেছ ক্লাৱত তিনিটাকৈ গীতৰ দৃশ্যশ্ৰব্য মুকলি

Last Updated : February 1, 2024 at 7:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.