আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু ইউ পি পি এল : প্ৰমোদ বড়ো

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 2:36 PM IST

thumbnail

বাক্সা, ১৭ ফেব্ৰুৱাৰী : শুকুৰবাৰে বাক্সা জিলাৰ বৰমাৰ খাৰুৱাত ইউ পি পি এল দলৰ সাতটাকৈ কোষ(চেল) আৰু নেতাসকলক লৈ এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ আলাপ আলোচনা কৰা হয় ৷ এই সভাত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, ‘‘আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইউ পি পি এল দলটো সম্পূৰ্ণৰূপে সাজু ৷ বিজেপি, এজিপি আৰু ইউ পি পি এল দল মিলি বহুত ভোটত জিকি আছে’’ ৷

লগতে তেওঁ কোকৰাঝাৰ, দৰং-ওদালগুৰিত কোনো প্ৰতিদ্বন্দ্বিতা নাই, যুঁজিব পৰা কোনো প্ৰাৰ্থী নাই বুলি মন্তব্য কৰে ৷ ইতিমধ্যে বি টি আৰ অঞ্চলত যোগদান সভা অনুস্থিত হৈ থকাৰ কথা উল্লেখ কৰি ইউ পি পি এল দলত লাখৰো অধিক লোকে যোগদান কৰিবলৈ আহি আছে বুলি মন্তব্য কৰে  ৷

তেওঁ আৰু কয়, ‘‘কোকৰাঝাৰ সমষ্টিটো ইউ পি পি এল দলে বিচাৰিছে ৷ বাকী তেজপুৰ, গুৱাহাটীকে ধৰি কেইবাটাও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী থাকিব আৰু ইয়াত ইউ পি পি এলৰ সম্পূৰ্ণৰূপে সমৰ্থন থাকিব’’ ৷

লগতে পঢ়ক : ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কৃত হ’ল গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.