ফাইটাৰৰ বিৰুদ্ধে জাননী জাৰি: মন্তব্য প্ৰকাশৰ পৰা বিৰত কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 8:18 PM IST

thumbnail

তেজপুৰ, 7 ফেব্ৰুৱাৰী : ফাইটাৰ ছবিখনৰ আপত্তিজনক দৃশ্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ অভিনয়ৰ মাজেৰে সামৰিক পোছাকত দাগ লগোৱাৰ অভিযোগ উত্থাপন হৈছে ফাইটাৰৰ ছবিখনৰ বিৰুদ্ধে ৷ তেজপুৰ বায়ুসেনা ঘাটিৰ উইং কমাণ্ডাৰে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে ৷

উল্লেখ্য যে তেজপুৰ বায়ুসেনা ঘাটিত সম্পন্ন শ্বুটিঙত অংশ লৈছিল নায়ক-নায়িকা দীপিকা পাডুকন আৰু হৃত্বিক ৰৌশনে ৷ একেদৰে অনিল কাপুৰেও তেজপুৰত ছবিখনৰ দৃশ্য়গ্ৰহণত উপস্থিত আছিল ৷ ইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাৰ তেজপুৰ ঘাটিৰ সৌম্যদ্বীপ দাস নামৰ এজন উইং কমাণ্ডাৰে শেহতীয়াকৈ ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ লগতে দীপিকা পাডুকন আৰু হৃত্বিক ৰৌশনৰ বিৰুদ্ধে জাননী জাৰি কৰিছে ৷ 

অভিযোগ এটাই যে, বায়ুসেনাৰ ইউনিফৰ্ম তথা সামৰিক পোছাক পৰিধান কৰি কিয় চুমা খোৱাৰ দৰে আপত্তিজনক দৃশ্য গ্ৰহণ কৰা হৈছিল ? এতিয়া দেশজুৰি এই বিষয়ে লাভ কৰিছে বিশেষ চৰ্চা ৷ বুধবাৰে তেজপুৰত বিশেষ চৰকাৰী কাৰ্যসূচী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰক এই সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ 

লগতে পঢ়ক: ফাইটাৰৰ নিৰ্মাতালৈ অসমত নিযুক্ত উইং কমাণ্ডাৰৰ জাননী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.