ETV Bharat / entertainment

ফাইটাৰৰ নিৰ্মাতালৈ অসমত নিযুক্ত উইং কমাণ্ডাৰৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:34 PM IST

Indian Air Force Officer Issues Legal Notice to Fighter Team Over Hrithik-Deepika's Climax Kiss
ফাইটাৰৰ নিৰ্মাতালৈ জাননী

Fighter gets legal notice : দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ ‘ফাইটাৰ’ক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে । এতিয়া ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ড সৌম্যদ্বীপ দাসে ছবিখনৰ এটা দৃশ্যক লৈ আপত্তি কৰি ছবিখনৰ নিৰ্মাতাসকললৈ জাননী জাৰি কৰিছে ।

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ ‘ফাইটাৰ’ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল । এনে পৰিস্থিতিত ছবিখনে বক্স অফিচতো মোটামুটি ভাল ব্যৱসায় কৰিছিল । ইয়াৰ কাহিনী বায়ুসেনাৰ যুঁজাৰু পাইলটৰ ওপৰত আধাৰিত । ছবিখনত প্ৰচণ্ড একশ্যন আৰু নাটকৰ লগতে ৰোমাঞ্চ দেখিবলৈ পোৱা গৈছে । একে সময়তে ছবিখনত এনেকুৱা এটা দৃশ্য আছে য’ত দীপিকা আৰু হৃত্বিকক বায়ুসেনা বিষয়াৰ ইউনিফৰ্ম পৰিধান কৰি চুমা খোৱা দেখা যায় । এতিয়া এই দৃশ্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ । অসমত নিযুক্ত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ড সৌম্যদ্বীপ দাসে ইয়াক লৈ আপত্তি দৰ্শাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনত থকা চুমা খোৱা দৃশ্যক লৈ ক্ষোভ প্ৰকাশ কৰি উইং কমাণ্ডাৰ সৌম্যদ্বীপ দাসে ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ আৰু তাৰকা অভিনেতা-অভিনেত্ৰীলৈ জাননী প্ৰেৰণ কৰিছে । উইং কমাণ্ডা গৰাকীয়ে কয় যে হৃত্বিক আৰু দীপিকাই বায়ুসেনাৰ ইউনিফৰ্মক অপমান কৰিছে । তেওঁ কয় যে এই ইউনিফৰ্ম কেৱল এটা সাধাৰণ কাপোৰৰ টুকুৰা নহয়, ই দেশৰ বাবে প্ৰতিৰক্ষা, অটল নিষ্ঠা আৰু অনুশাসনৰ প্ৰতীক । হৃত্বিক আৰু দীপিকাই ইউনিফৰ্ম পৰিধান কৰি এনে কাৰ্য কৰাটো একেবাৰে ভাল নাপালে উইং কমাণ্ডাৰগৰাকীয়ে ।

উইং কমাণ্ডাৰ সৌম্যদ্বীপ দাসে তেওঁৰ আইনী জাননীত কয় যে ‘ফাইটাৰ’ ছবিখন দেশৰ সেৱাৰ সময়ত অগণন জোৱানে দিয়া বলিদানৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে । এনে পৰিস্থিতিত তাত ৰোমান্টিক এংগেল এটা যোগ কৰাটো আছিল অতি ভুল সিদ্ধান্ত । কিন্তু বৰ্তমান এই বিষয়ত নিৰ্মাতা বা তাৰকা অভিনেতাৰ কোনো বক্তব্য অহা নাই ।

সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘ফাইটাৰ’ ছবিখনত এৰিয়েল একশ্যন দেখা পোৱা গৈছে । ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছে দীপিকা পাডুকন, হৃত্বিক ৰোশন আৰু অনিল কাপুৰক । এইবোৰৰ উপৰিও ছবিখনত কৰণ সিং গ্ৰ’ভাৰ, অক্ষয় ওবেৰয়, সঞ্জীদা শেইখ আৰু ঋষভ চাহানীৰ দৰে তাৰকাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ছবিখনৰ এটা অংশৰ দৃশ্যগ্ৰহণ কৰা হৈছিল অসমতো ৷ অসমৰ তেজপুৰত ছবিখনৰ শ্বুটিং কৰা হৈছিল ৷ শ্বুটিঙৰ বাবে তেজপুৰলৈ আহিছিল অনিল কাপুৰ, হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন ৷

লগতে পঢ়ক: মুক্তিৰ পঞ্চম দিনত কিমান উপাৰ্জন কৰিলে ফাইটাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.