ETV Bharat / entertainment

মুক্তিৰ পঞ্চম দিনত কিমান উপাৰ্জন কৰিলে ফাইটাৰে ?

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 9:53 AM IST

Fighter Box Office Day 5: সোমবাৰে হৃত্বিক ৰোশন অভিনীত ফাইটাৰৰ উপাৰ্জন হ্ৰাস পাইছে । এই পৰ্যন্ত ছবিখনে কিমান ধন উপাৰ্জন কৰিলে জানি লওক এই প্ৰতিবেদনত ।

Fighter Box Office Day 5: Hrithik - Deepika starrer mints in single digits on first Monday
ফাইটাৰৰ উপাৰ্জন

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত ছবি ‘ফাইটাৰ’এ দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি । দৰ্শকে ছবিখনৰ এৰিয়েল একশ্যন ভাল পোৱাৰ বিপৰীতে ছবিখনত প্ৰথমবাৰৰ বাবে দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ অন স্ক্ৰিন্ কেমেষ্ট্ৰিৰ যথেষ্ট প্ৰশংসা কৰিছে । এনে পৰিস্থিতিত বৃহৎ সংখ্যক দৰ্শকে ‘ফাইটাৰ’ চাবলৈ ভিৰ কৰে ছবিগৃহত । সেয়েহে, মুক্তিৰ মাত্ৰ চাৰিদিনতে এই ছবিখনে ১০০ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় । কিন্তু পঞ্চম দিনা ছবিখনৰ উপাৰ্জন হ্ৰাস পায় । গতিকে ইয়াত জানো আহক 'ফাইটাৰ'ৰ ষষ্ঠ দিন অৰ্থাৎ মঙলবাৰৰ অগ্ৰিম বুকিং ৰিপৰ্ট কেনেকুৱা ৷

ষষ্ঠ দিনৰ বাবে ফাইটাৰৰ কিমান অগ্ৰিম বুকিং হৈছে ?

পাঠান খ্যাত পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত 'ফাইটাৰ' ছবিখনে ছবিগৃহত ঢৌ তুলিছে । এই দেশপ্ৰেমমূলক ছবিখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে ‘ফাইটাৰ’এ প্ৰথম চাৰিদিনত ১০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰে । কিন্তু পঞ্চম দিনা অৰ্থাৎ প্ৰথম সোমবাৰে ছবিখনৰ অগ্ৰিম বুকিং আৰু বক্স অফিচৰ উপাৰ্জন যথেষ্ট হ্ৰাস পায় । এতিয়া ষষ্ঠ দিন অৰ্থাৎ প্ৰথম মঙলবাৰৰ বাবে ‘ফাইটাৰ’ৰ অগ্ৰিম বুকিঙৰ ৰিপ’ৰ্ট প্ৰকাশ পাইছে ।

SACNILCৰ প্ৰতিবেদন অনুসৰি -

ষষ্ঠ দিনৰ বাবে হিন্দী 2D ৰ ‘ফাইটাৰ’ৰ ৬৪ হাজাৰ ৯৬৮ টিকটৰ প্ৰি-চেল হৈছে।

হিন্দী থ্ৰীডিত ‘ফাইটাৰ’ৰ ৩৪ হাজাৰ ৪৩০ টিকটৰ অগ্ৰিম বুকিং কৰা হৈছে ।

ছবিখনৰ ১ হাজাৰ ১২০ টিকট হিন্দী আইমেক্স থ্ৰীডিত প্ৰি-চেল কৰা হৈছে ।

হিন্দী 4DX 3D ৰ ‘ফাইটাৰ’ৰ ৮৪২ খন টিকটৰ অগ্ৰিম বুকিং কৰা হৈছে ।

ICE 3D ত বিক্ৰী হৈছে ‘ফাইটাৰ’ৰ ৩৩ খন টিকট ৷

ষষ্ঠ দিনৰ বাবে দেশজুৰি ‘ফাইটাৰ’ৰ ১ লাখ ১ হাজাৰ ৩৯৩ ​​টিকটৰ অগ্ৰিম বুকিং হৈছে ।

ইয়াৰ লগে লগে ‘ফাইটাৰ’এ ষষ্ঠ দিনা অগ্ৰিম বুকিং কৰি এক কোটি ৮৭ লাখ টকা আয় কৰিছে ।

ফাইটাৰে এতিয়ালৈকে কিমান উপাৰ্জন কৰিছে ?

প্ৰথম দিনাই ২২.৫ কোটি টকাৰে মুকলি হৈছিল ফাইটাৰ ৷ ছবিখনে মুক্তিৰ পাঁচ দিনত ঘৰুৱা বজাৰত ১২৬.৫০ কোটি টকা সংগ্ৰহ কৰিছে । আনহাতে বিশ্বজুৰি ২০৯.৫৪ কোটি টকা সংগ্ৰহ কৰিছে । এতিয়া লক্ষ্যণীয় হ’ব যে মঙলবাৰে বক্স অফিচত ছবিখনে কেনে প্ৰদৰ্শন কৰিব ।

' ফাইটাৰ'ৰ ৰানটাইম কিমান ?

‘ফাইটাৰ’ৰ ৰান টাইম ২ ঘণ্টা ৪৬ মিনিট । চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে ছবিখনক ইউ/এ চাৰ্টিফিকেট প্ৰদান কৰিছে । হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ উপৰিও ছবিখনত অভিনয় কৰিছে অনিল কাপুৰ, কৰণ সিং গ্ৰ’ভাৰ, অক্ষয় ওবেৰয়, সঞ্জীদা শ্বেখ, তলাত আজিজ, প্ৰদুম শুক্লা আৰু প্ৰদুম জয়াকাৰ ।

লগতে পঢ়ক: পুষ্পা ২ দ্য ৰুলৰ মুক্তিৰ কাউণ্টডাউন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.