ETV Bharat / entertainment

পুষ্পা ২ দ্য ৰুলৰ মুক্তিৰ কাউণ্টডাউন আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:52 PM IST

Pushpa 2 The rule: দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ কাউণ্টডাউন আৰম্ভ হৈছে । ২০০ দিনৰ পিচত ছবিগৃহত মুক্তি পাব পুষ্পাৰ ছিকুৱেল ।

Pushpa 2 Makers Begin 200-day Countdown for Release of Allu Arjun and Rashmika Mandanna Starrer
২০০ দিনৰ পিচত মুক্তি পাব আল্লু অৰ্জুনৰ ছবি

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: এই বছৰত মুক্তি পাব দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ছবি পুষ্পাৰ ছিকুৱেল । ২০২৪ বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি ‘পুষ্পা ২: দ্য ৰুল’। আল্লু অৰ্জুনৰ ছবিখন অহা ১৫ আগষ্টত চিনেমাগৃহত মুক্তি পাব । পুষ্পা ২ৰ নিৰ্মাতাসকলে ছবিখনৰ বাবে আগ্ৰহ বৃদ্ধিৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিছে । এটা পোষ্ট শ্বেয়াৰ কৰি নিৰ্মাতাই আৰম্ভ কৰিছে পুষ্পা ২ ৰ কাউণ্টডাউন ।

পুষ্পা ২ ৰ কাউণ্টডাউন আৰম্ভ

‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰডাকচন হাউছ ‘মাই থ্ৰী’ৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত মুকলি কৰিছে পুষ্পা ২ৰ নতুন পোষ্টাৰ । এইখন কাউণ্টডাউন পোষ্টাৰ । এই পোষ্টটোত কোৱা হৈছে যে এতিয়া ছবিখন মুক্তি পাবলৈ মাত্ৰ ২০০ দিন বাকী আছে । উল্লেখ্য যে, ২০২১ চনত ‘পুষ্পা: দ্য ৰাইজ’ৰ অভিলেখ ভংগকাৰী সফলতাৰ পিচত এতিয়া ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘পুষ্পা ২: দ্য ৰুল’ । কাউণ্টডাউন আৰম্ভ কৰাৰ সময়ত ছবি নিৰ্মাতাই এটা সুন্দৰ কেপচনো লিখিছিল ।

পোষ্টাৰৰ সৈতে লিখিছে- "পুষ্পা ৰাজক শাসন কৰিবলৈ মাত্ৰ ২০০ দিন বাকী । #Pushpa2TheRule অহা ১৫ আগষ্ট ২০২৪ বিশ্বজুৰি মুক্তি পাব ৷ #পুষ্পাকাৰুলইন২০০দিনত ৷

আল্লু অৰ্জুনৰ ছবিখনৰ ছিকুৱেল সন্দৰ্ভত অনুৰাগীৰ মাজত ব্যাপক উচাহ দেখা পোৱা গৈছে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী আল্লু অৰ্জুনে পুনৰ শাসন কৰিবলৈ আহি আছে মাষ্টাৰ চলচ্চিত্ৰ নিৰ্মাতা সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছিকুৱেলত । ছবিখনত আল্লু অৰ্জুনৰ সৈতে ৰশ্মিকা মন্দন্নাকো দেখা যাব । একে সময়তে অভিনেতা ফাহাধ ফাচিলকো ছবিখনত দেখা যাব । ২০২৪ বৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে মুক্তি পাব ছবিখন ।

উল্লেখ্য যে, দৰ্শকক সম্পূৰ্ণ মনোৰঞ্জন দিবলৈ সাজু হৈছে মাই থ্ৰী নিৰ্মাতা । অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আল্লু অৰ্জুনৰ এই ছবিখনলৈ । দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীৰ জন্মদিনত পুষ্পা ২ৰ প্ৰথমখন পোষ্টাৰ নিৰ্মাতাই শ্বেয়াৰ কৰিছিল । এই পোষ্টাৰখন ৭০ লাখতকৈ অধিক লোকে লাইক কৰিছিল । পুষ্পা ২ৰ নিৰ্মাতাই দাবী কৰিছিল যে ভাৰতীয় চিনেমা ছবিৰ পোষ্টাৰত সৰ্বাধিক লাইক পোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এতিয়া ২০০ দিনৰ পিচত ছবিখন ডাঙৰ পৰ্দাত মুক্তি পাব ।

লগতে পঢ়ক: এতিয়াহে আহিছে প্ৰকৃত এনিমেল; পুনৰ এক নতুন অৱতাৰত আহি আছে ববি দেউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.