এছ এছ বিৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 10:49 AM IST

Updated : Jan 20, 2024, 12:09 PM IST

thumbnail

তেজপুৰ, 20 জানুৱাৰী : শুকুৰবাৰে নিশাটো তেজপুৰ আৱৰ্ত ভৱনত কটাই শনিবাৰে পুৱা তেজপুৰৰ শালনিবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ তেজপুৰৰ এছ এছ বি কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া এছ এছ বিৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদযাপনস্থলীত উপস্থিত হৈ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ।

ইয়াৰ পাচতে ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া অল বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিব । তাৰ পৰা পোনে পোনে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 2,551 জন অসম আৰক্ষী কমাণ্ডোৰ পেৰেডত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে তেজপুৰৰ লগতে ঢেকিয়াজুলিতো ৷ 

লগতে পঢ়ক : মহাদেৱৰ আশিস বিচাৰি তেজপুৰৰ মহাভৈৰৱত সেৱা ল’লে অমিত শ্বাহে

Last Updated : Jan 20, 2024, 12:09 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.