খৈৰাবাৰীত ডিজিটেল পুথিভঁৰাল উদ্বোধন বিধানসভাৰ অধ্যক্ষৰ

🎬 Watch Now: Feature Video

thumbnail
খৈৰাবাৰীত ডিজিটেল পুথিভঁৰাল উদ্বোধন বিধানসভাৰ অধ্যক্ষৰ (undefined)

By ETV Bharat Assamese Team

Published : February 2, 2024 at 8:42 PM IST

1 Min Read
Choose ETV Bharat

ওদালগুৰি, ২ ফেব্ৰুৱাৰী : ওদালগুৰি জিলাৰ কাঁহিবাৰী প্ৰাথমিক বিদ্যালয়ত ডিজিটেল পুথিভঁৰাল উদ্বোধন । অসম চৰকাৰৰ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত পৰিচালিত নিপুণ অসম আঁচনিৰ অধীনত এই পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছে । প্ৰাথমিক বিদ্যালয়সমূহক সংলগ্ন কৰি ডিজিটেল পুঁথিভৰাল স্থাপনৰ বাবে এই আঁচনিৰ অধীনত লোৱা পদক্ষেপৰ অংশ হিচাপে শুকুৰবাৰে ওদালগুৰি জিলাৰ কাঁহিবাৰী প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা পুঁথিভৰালটো অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে উদ্বোধন কৰে ৷

অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম আৰু বিভাগীয় বিষয়াসকল । খৈৰাবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত কাঁহিবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৯ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পুথিভঁৰালটোত সকলো আধুনিক সা-সুবিধা উপলব্ধ । পুঁথিভৰালটো উদ্বোধন কৰি অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসম চৰকাৰে নিপুণ অসম আঁচনিৰ অধীনত পুঁথিভৰাল নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বিষয়ে কয় ।

ইয়াৰ উপৰি ডিজিটেল ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ জ্ঞানেৰে সমৃদ্ধ কৰিবলৈ সক্ষম হ’ব আৰু সমাজত অধ্যয়নৰ এক বাতাবৰণ সৃষ্টি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ ১২৪ শৈক্ষিক ক্লাষ্টাৰত একে আৰ্হিৰ পুঁথিভৰাল নিৰ্মাণ কৰা হ’ব । ইতিমধ্যে ৬ টা ক্লাষ্টাৰত নিৰ্মাণ হৈ থকা পুঁথিভৰাল চলিত মাহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই জনাইছে ৷

লগতে পঢ়ক :দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ আৰম্ভ