পিষ্টল-সজীৱ গুলীসহ আটক দুই যুৱক; উদ্ধাৰ সোণৰ চপৰাও

🎬 Watch Now: Feature Video

thumbnail
Cachar news (undefined)

By ETV Bharat Assamese Team

Published : January 24, 2024 at 10:55 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, 24 জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাছাৰৰ কাটিগড়াত পিষ্টল, সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱকক আটক । ধৃত দুই যুৱক আব্দুল আজিজ ওৰফে চানু আৰু আব্দুল ওৱাহাব । গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে কাটিগড়া চৌৰাংগীত অভিযান চলাই ধৃত দুই যুৱকৰ পৰা এটা পইন্ট 22 পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী, ২৫০ গ্ৰাম ওজনৰ দুটা সোণৰ বিস্কুটসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জানিবলৈ দিয়া মতে, ধৃত দুই যুবক বহু অপৰাধজনিত কামৰ লগত জড়িত হৈ আছিল । ঘটনা সন্দৰ্ভত ধৃত দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে ৷

লগতে পঢ়ক: পেঙেৰী বনাঞ্চলত হঠাৎ কিয় অভিযানত নামিল নিৰাপত্তা বাহিনী ?