ETV Bharat / state

পেঙেৰী বনাঞ্চলত হঠাৎ কিয় অভিযানত নামিল নিৰাপত্তা বাহিনী ?

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 8:35 PM IST

Assam police operation: পেঙেৰীৰ ঘন বনাঞ্চলৰ মাজত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া আৰক্ষীৰ অভিযান । আলফা স্বাধীনৰ কূটাঘাতমূলক ঘটনা ৰোধ কৰিবলৈ তৎপৰ অসম আৰক্ষী ৷ এই সন্দৰ্ভত অভিযানথলীৰ সাংবাদিক বিবেক বড়াৰ এক বিশেষ প্ৰতিবেদন ৷

Republic Day 2024
Assam police operation

পেঙেৰীৰ ঘন বনাঞ্চলত তিনিচুকীয়া আৰক্ষীৰ অভিযান

তিনিচুকীয়া, ২৪ জানুৱাৰী: দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ প্ৰাকমুহূৰ্তত এটা ৰাজ্যৰ চৌদিশে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষীয়ে ৷ ইফালে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আলফা স্বাধীনেও দেশৰ গণৰাজ্য দিৱসক ভুৱা আখ্যা দি সেইদিনা সন্ধিয়া ৬ বজালৈ অসম বন্ধৰ আহ্বান জনাইছে ৷

গতিকে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অথবা গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ বিশেষকৈ তিনিচুকীয়া জিলাখন স্পৰ্শকাতৰ জিলা হিচাপে বিগত দিনসমূহত পৰিগণিত হৈ আহিছে ৷

ইফালে, তিনিচুকীয়া আৰক্ষীৰ বিশেষ খবৰ অনুসৰি আলফা স্বাধীনৰ দ’লে অসম- অৰুণাচলৰ সীমান্তত কুচকাৱাজ কৰি আছে বিগত কিছুদিনৰ পৰা ৷ গতিকে তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত বিগত ১০ দিনৰ পৰা অতিৰিক্তভাৱে ৪০০ আৰক্ষী আৰু কমাণ্ডো বাহিনীৰ মোতায়েন কৰিছে ৷ সমান্তৰালভাৱে আলফা স্বাধীনৰ যিসমূহ সন্দেহযুক্ত প্ৰৱেশ পথ আছে, সেইসমূহ পথত ২৪ ঘণ্টাই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

আনহাতে, তিনিচুকীয়া জিলাৰ পৰা অতিকৈ স্পৰ্শকাতৰ অঞ্চল ডিগবৈ-পেঙেৰীৰ পৰা অৰুণাচললৈকে সংলগ্ন পেঙেৰীৰ ঘন বনাঞ্চলৰ মাজত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত মাৰ্ঘেৰিটাৰ SDPO আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ সহযোগত আৰক্ষী-কমাণ্ডো আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলে চলাইছে অভিযান ৷

ঘন বনাঞ্চলৰ মাজত আৰক্ষীৰ বৃহৎ দলে প্ৰৱেশ কৰি আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাইছে ৷ যাতে জিলাখনত শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস ।

উল্লেখযোগ্য যে, পেঙেৰীৰ এই ঘন বনাঞ্চলৰ মাজতে বিদ্ৰোহী সংগঠনটোৱে বিগত দিনসমূহত ভাৰতীয় সেনাৰ বিৰুদ্ধে দুটাকৈ ভয়ংকৰ এম্বুশ্ব সংঘটিত কৰিছিল । এটা এম্বুশ্বত সেনা বাহিনীৰ জোৱান নিহত হোৱাৰ লগতে আন এটা আঘাতপ্ৰাপ্ত হৈছিল । গতিকে এই অঞ্চলটোত আৰক্ষীয়ে সঘনাই দৃষ্টি নিক্ষেপ কৰিছে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ উপস্থিতিত ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ আচৰণত অবাক ৰাজ্যৰ 100 বিশিষ্ট ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.