চেপন আৰু সাপেখাতীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত যুৱক

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 11:00 AM IST

thumbnail

মৰাণ, ২০ মাৰ্চ : মৰাণৰ চেপন চকলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ টেংকাৰ আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন যুৱক ৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন চকলীয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ নিহত যুৱকজন ১ নম্বৰ চকলীয়া গাঁৱৰ বিশ্বজিত কলিতা (৩০) বুলি চিনাক্ত কৰা হৈছে ৷ 

যুৱকজনে এএছ-৩৩-এ-০৮১৫ নম্বৰৰ এখন আপাচী মটৰচাইকেলেৰে মৰাণৰ পৰা গৈ থকা অৱস্থাত চেপন চকলীয়াৰ বৰলুইত ধাবাৰ সমীপত বিপৰীত দিশৰ পৰা অহা এএছ-০১-এইচচি-৪১০০ নম্বৰৰ ট্ৰেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষত  দুৰ্ঘটনাত পতিত হয় ৷ ফলত যুৱকজন থিতাতে নিহত হয় ৷ ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ ট্ৰেংকাৰখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে ৷

ইফালে মঙলবাৰে নিশা চৰাইদেউৰ সাপেখাতীতো সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন । স্কুটী আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । নিহত যুৱকজনক দ্বীপ গগৈ (২৮) বুলি চিনাক্ত কৰা হৈছে ৷ সাপেখাতীৰ গৰীয়াছিঙা তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ 

আনহাতে, ঘটনা সংঘটিত কৰা দুই বাইক আৰোহীক আটক কৰা হৈছে ৷ তেওঁলোকক শোণিত বৰুৱা আৰু বিশ্বজিৎ গগৈ বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক :বিশ্বনাথত নিৰ্বাচনৰ ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.