কলগাছিয়াত হস্তনিৰ্মিত পিষ্টলসহ দুজনক আটক

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:49 PM IST

thumbnail

কলগাছিয়া, ১১ ফেব্ৰুৱাৰী: কলগাছিয়াত হস্তনিৰ্মিত পিষ্টলসহ দুজনক আটক । লগতে উদ্ধাৰ ৮ জাই সঁজীৱ গুলী আৰু বিস্ফোৰক তৈয়াৰ কৰা বিশেষ সামগ্ৰী । বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত লাচাংগা গাঁৱৰ লালচান আলীৰ ঘৰৰ পৰা গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত চলোৱা অভিযানত এটা হস্তনিৰ্মিত পিস্তল, ৮ জাই সঁজীৱ গুলী আৰু বিস্ফোৰক তৈয়াৰ কৰা বিশেষ সামগ্ৰীৰ পেকেট সহ দুই দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয় ।  

জানিব পৰা মতে আটক কৰা দুৰ্বৃত্ত দুটা পশ্চিমবংগৰ মালদাহ জিলাৰ অন্তৰ্গত উত্তৰ যোদপুৰ গাঁৱৰ ফাইজুদ্দিনৰ পুত্ৰ জাফাৰ আলী আৰু সম্বলপুৰ গাঁৱৰ চুফুল উদ্দিনৰ পুত্ৰ বাদল হক । হস্তনিৰ্মিত পিস্তলসহ লাচাংগা গাঁৱৰ লালচান আলীৰ ঘৰত গোপন অভিসন্ধিৰে আহিছিল দুৰ্বৃত্ত দুটা । বৃহত্তৰ অঞ্চলটোত কোনো ডকাইতিকাণ্ড নাইবা কোনো কূটাঘাতমূলক কাণ্ড সংঘটিত কৰিবলৈ আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে । ইয়াকে লৈ সমগ্ৰ অঞ্চলত বিৰাজ কৰে তীব্ৰ চাঞ্চল্য ।

লগতে পঢ়ক: সমুখত পৰীক্ষা: ১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.