ETV Bharat / state

সমুখত পৰীক্ষা: ১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

Section 144 imposed: দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰত জাৰি কৰা হৈছে 144 ধাৰা ৷ সেই সন্দৰ্ভত শোণিতপুৰ জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷

Sonipur section 144
শোণিতপুৰত ১৪৪ ধাৰা
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 10:15 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ১১ ফেব্ৰুৱাৰী : অহা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ৷ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন কেন্দ্ৰসমূহত যাতে শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত হয়, তাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে ।

সেই অনুসৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ পংকজ বৰাই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰসহ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল, পৰীক্ষাৰ সৈতে সম্পৰ্কিত পৰ্যবেক্ষক, কৰ্মচাৰী আৰু নিৰীক্ষণ দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱা আদি কাৰ্যত জড়িত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাহিৰে অন্য লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে ।

Section 144 imposed
শোণিতপুৰত জাৰি 144 ধাৰা

তদুপৰি পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা কাৰ্যৰ লগত জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধ ভিতৰত কোনো বাহন পাৰ্কিং তথা চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । লগতে, পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন, কেলকুলেটৰ বা আন যিকোনো যোগাযোগৰ সঁজুলি যেনে ব্লু-টুথ হেডফোন আদি লগত আনিব নোৱাৰিব ৷

ইয়াৰোপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো খাদ্যৰ বিপণী, দোকান খোলাৰ অনুমতি দিয়া নহ’ব । তদুপৰি পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিক পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ নিৰ্ধাৰিত আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুমতি দিয়া নহ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ প্ৰদৰ্শিত হ'ব লাগিব আৰু এই আদেশ সমগ্ৰ জিলাখনত তৎকালিনভাৱে বলবৎ কৰা হৈছে আৰু এই পৰীক্ষাসমূহ সম্পন্ন নোহোৱা পৰ্যন্ত বাহাল থাকিব ।

লগতে পঢ়ক: চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকে স্থানপ্ৰাপ্তৰ ব্যৱস্থা: শিক্ষামন্ত্ৰী