ETV Bharat / state

চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকে স্থানপ্ৰাপ্তৰ ব্যৱস্থা: শিক্ষামন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 1:53 PM IST

Updated : Feb 8, 2024, 7:51 PM IST

Assam HSLC Exam : আগন্তুক শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকে স্থানপ্ৰাপ্তৰ ব্যৱস্থা ৷ এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ।

আগন্তুক শিক্ষাবৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকে স্থান প্ৰাপ্তৰ ব্যৱস্থা : শিক্ষামন্ত্ৰী

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : “হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান (ষ্টেণ্ড) দিয়াটো অপ্ৰয়োজনীয় ৷ স্থানপ্ৰাপ্তৰ চাৰ্টিফিকেটেৰে কোনেও ক'তো চাকৰি নাপায় ৷ স্থান লাভ কৰি চাৰ্টিফিকেটখনেৰে কোনেও আইআইটি মাদ্ৰাজ বা আন আই আই টি মুম্বাইত স্থান লাভ নকৰে ৷ গতিকে এই স্থান ব্যৱস্থাৰ কোনো মূল্য নাই ৷” এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ।

উল্লেখ্য যে, অসমত অৱসান ঘটিব পৰীক্ষাত ষ্টেণ্ড কৰাৰ ব্যৱস্থা ৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত এইবাৰৰ পৰা নাথাকিব কোনো স্থান বা ‘ষ্টেণ্ড’ ৰ ব্যৱস্থা । এই কথা আজি (বৃহস্পতিবাৰ) নিশ্চিত কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিনটোত শিক্ষামন্ত্ৰীয়ে বিধানসভা চৌহদত প্ৰকাশ কৰে এই তথ্য ৷

লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘এয়া অসমতহে সামাজিকভাৱে স্বীকৃত । ভাৰতৰ কোনো ঠাইতে বিদ্যায়তনিক দিশত এয়া স্বীকৃত নহয় ৷ গতিকে এনে স্বীকৃতি নোপোৱা ব্যৱস্থা এটা জীয়াই ৰাখি কি লাভ ? এয়া অযুক্তিকৰ’’ ৷ এই স্থানপ্ৰাপ্তিৰ ব্যৱস্থাই উৎসাহিত কৰি আহিছে শিক্ষাৰ্থীসকলক ৷ সাংবাদিকৰ এই কথাৰ বিপৰীতে যুক্তি আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়েও ।

শিক্ষামন্ত্ৰী পেগুৱে কয়, “এজনক উৎসাহিত কৰাৰ বিপৰীতে হাজাৰজনক অনুৎসাহিত কৰে এই ষ্টেণ্ড ব্যৱস্থাই ৷ ফলত হাজাৰজনক হতাশাৰ ফালে ঠেলি দিয়ে । আনকি কেতিয়াবা কিছু কিছু শিক্ষাৰ্থীক আত্মহননৰ ফালেও ঠেলি দিয়ে এই ষ্টেণ্ড কৰা ব্যৱস্থাই ৷ এইবোৰ দিশতো আমি গুৰুত্ব দিব লাগিব’’ ৷

ইফালে আগন্তুক শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্তৰ কোনো ব্যৱস্থা নাথাকে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাৰ পাচতে এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

Last Updated : Feb 8, 2024, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.