দুখন বাহনৰ বিপৰীতে এটা পঞ্জীয়ন নম্বৰ, সমস্যাৰ সন্মুখীন ভুক্তভোগী

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:45 AM IST

Updated : Jan 29, 2024, 12:10 PM IST

thumbnail

কলিয়াবৰ, 29 জানুৱাৰী: বাহন দুখন, পঞ্জীয়ন নম্বৰ এটা ৷ একে পঞ্জীয়ন নম্বৰৰ এখন মটৰ চাইকেল কলিয়াবৰত থকাৰ বিপৰীতে আন এখন স্কুটী আছে গহপুৰত ৷ অসমতে ঘটিছে এই ঘটনাটো ৷ এই ঘটনাৰ ফলত এতিয়া বিপদত পৰিছে কলিয়াবৰৰ এজন যুৱক ৷ 

উল্লেখ্য যে, কলিয়াবৰৰ কাশ্যপ জ্যোতি শইকীয়াৰ দুচকীয়া বাহনৰ নম্বৰলৈ আহিছে এহাজাৰ টকাৰ জৰিমনাৰ চালান । অনলাইন চালানখন চোৱাৰ পাছতহে যুৱকজনে জানিব পাৰিলে যে, ঘটনাটো গহপুৰৰ । কাশ্যপৰ বাহনৰ নম্বৰতে আন এখন বাহন ঘূৰি ফুৰিছে গহপুৰৰ ৰাজপথত । যিখন বাহনে পথ পৰিবহন নিয়ম উলংঘা কৰি পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে । 

যাৰ বাবে সেই একেটা নম্বৰতে 1000 টকাৰ জৰিমনাৰ চালান আহিছে কলিয়াবৰৰ যুৱকজনৰ নামত । চালানত থকা স্কুটীৰ ফটোসহ নম্বৰটো AS 12 AF 2238 ৰ সৈতে কলিয়াবৰৰ কাশ্যপ জ্যোতিৰ দুচকীয়া মটৰ চাইকেলৰ নম্বৰটোৰ সৈতে একেই । উপায়হীন হৈ অৱশেষত কলিয়াবৰৰ কাশ্যপ জ্যোতি শইকীয়া কাষ চাপিছে আৰক্ষীৰ । গহপুৰ নোযোৱাকৈয়ে কলিয়াবৰতে থকা মটৰ চাইকেলখনৰ বিপৰীতে অহা চালানে চিন্তিত কৰি তুলিছে যুৱকজনক ।  

পৰিবহণ বিভাগক এই সন্দৰ্ভত গুৰুত্ব দিবলৈ আহ্বান জনাইছে ভুক্তভোগী কাশ্যপ জ্যোতি শইকীয়াই । 

লগতে পঢ়ক: আৰক্ষীৰ বাহনৰেই নাই প্ৰয়োজনীয় নথি-পত্ৰ

Last Updated : Jan 29, 2024, 12:10 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.