আমগুৰিত দুটাকৈ মৃত নাহৰফুটুকী উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 1:30 PM IST

thumbnail

আমগুৰি,১ ফেব্ৰুৱাৰী: আমগুৰিৰ খৰাগড়ত দুটাকৈ মৃত নাহৰফুটুকী উদ্ধাৰ । খৰাগড় লোণপুৰীয়াত উদ্ধাৰ হয় নাহৰফুটুকী দুটা । চাৰিদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ । কি কাৰণত দুটাকৈ নাহৰফুটুকীৰ মৃত্যু হ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । মৃত নাহৰফুটুকী দুটাৰ এটা মতা আৰু আনটো মাইকী বুলি জানিব পৰা গৈছে । নাহৰফুটুকী দুটা এটা হাবিৰ মাজত আৰু অন্যটো পথাৰত উদ্ধাৰ কৰা হয় । শিৱসাগৰ জিলা বনবিভাগৰ গুৰুত্বহীনতাৰ বাবেই দুটাকৈ নাহৰফুটুকী মৃত্যুমুখত পৰাৰ অভিযোগ উত্থাপন হৈছে ।  

ইপালে নাহৰফুটুকী দুটা চাবলৈ বহু লোকৰ সমাগম হয় । দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকী দুটাই । ঘটনাস্থলীত শিৱসাগৰ বন বিভাগ উপস্থিত হৈ নাহৰফুটুকী দুটা উদ্ধাৰ কৰি শিৱসাগৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বন বিভাগক নাহৰফুটুকীৰ সন্ত্ৰাসৰ বিৰুদ্ধে বন বিভাগক জনাই আহিছিল । এইক্ষেত্ৰত বন বিভাগে পিঞ্জৰাৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: চাবুৱাৰ পানীতোলা চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.