অমৃতপাল সিঙৰ দুই সহযোগীৰ স্বাস্থ্য বৰ্তমান উন্নত; জনালে AMCH ৰ অধীক্ষকে

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:37 PM IST

thumbnail

ডিব্ৰুগড়, 6 মাৰ্চ : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ চিকিৎসাধীন দুই সহযোগীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান উন্নত ৷ মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত অমৃতপাল সিঙৰ দুই সহযোগীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কাৰাবন্দী অমৃত পালৰ সহযোগী কুলৱন্ত সিঙৰ লগতে আন এগৰাকী সতীৰ্থ গুৰমীত সিঙকো স্বাস্থ্যজনিত কাৰণত AMCH ত ভৰ্তি কৰোৱা হয় ৷

AMCH ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কয় যে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা ৱাৰিছ পঞ্জাৱ দেৰ সদস্য দুজনৰ অৱস্থা কিছু উন্নত হৈছে ৷ কুলৱন্ত সিং পূৰ্বৰ পৰাই মৃগীৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁক চেলাইন ড্ৰিপ দিয়া হৈছিল ৷ দুয়োকে মেডিচিন বিভাগৰ আই চি ইউত চিকিৎসা কৰি থকা হৈছে ৷ তেওঁলোকক আন ৰোগীৰ পৰা পৃথক কৰি ৰখাৰ লগতে সম্পূৰ্ণ নিৰাপত্তাৰ মাজত ৰখা হৈছে বুলিও জানিবলৈ দিয়ে তেওঁ ৷

জানিব পৰা মতে অমৃতপাল সিঙৰ লগতে দহ কাৰাবন্দীয়ে পঞ্জাৱলৈ প্ৰত‍্যাৱৰ্তন কৰাৰ দাবীত কেইবাটাও দিনৰ পৰা জেল কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাই ৷ কিন্তু আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিবলৈ দিয়া অনুসৰি জেল কৰ্তৃপক্ষই দিয়া খাদ্য গ্ৰহণ নকৰিলেও তেওঁলোকে নিজেই ৰুটী, ব্ৰেড , ফল-মূল খাই আছে ৷ খাদ্য গ্ৰহণ অনিয়মিত হোৱাৰ বাবেও স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে বুলি অনুমান কৰিছে চিকিৎসকে ৷ 

লগতে পঢ়ক : খালিস্তানী নেতা অমৃতপালৰ সহযোগী কুলৱন্ত সিং অসুস্থ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.