ETV Bharat / state

খালিস্তানী নেতা অমৃতপালৰ সহযোগী কুলৱন্ত সিং অসুস্থ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 3:13 PM IST

Updated : Mar 6, 2024, 4:16 PM IST

Kulwant Singh: ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী অমৃতপালৰ সহযোগী কুলৱন্ত সিঙৰ স্বাস্থ্য শোচনীয় । নিশাই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কাৰাবন্দী কুলৱন্তক । বৰ্তমান স্বাস্থ্য উন্নত বুলি জানিবলৈ দিয়ে জেল কৰ্তৃপক্ষই ।

Kulwant Singh admitted to AMCH
অমৃতপালৰ সহযোগী কুলৱন্ত সিঙৰ স্বাস্থ্য শোচনীয়

ডিব্ৰুগড়,৬ মাৰ্চ: দেশৰ শীৰ্ষ চোৰাংচোৱা সংস্থাৰ লগতে দেশৰ সচেতন ৰাইজৰ এতিয়া দৃষ্টি নিৱদ্ধ হৈ আছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত । কিয়নো ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিংসহ আন ৯ খালিস্তানী নেতাই দিন পাৰ কৰিছে কেন্দ্ৰীয় কাৰাগাৰত । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী অমৃতপালৰ সহযোগী কুলৱন্ত সিঙৰ স্বাস্থ্য শোচনীয় হৈ পৰে ।

নিশাই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় কাৰাবন্দী কুলৱন্তক । যোৱা নিশা প্ৰায় ১০ বজাত মৃগীৰোগত আক্রান্ত হৈ চিকিৎসালত ভৰ্তি হ'ব লগা হ'ল কুলৱন্ত । অৱশ্যে বৰ্তমান স্বাস্থ্য উন্নত বুলি জানিবলৈ দিলে জেইল কৰ্তৃপক্ষই । উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পঞ্জাৱত গ্ৰেপ্তাৰ হোৱা ৱাৰিছ পাঞ্জাৱ দেৰ প্ৰমুখ অমৃতপাল সিংসহ তেওঁ আন ৯ সহযোগী বিগত বৰ্ষৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে ।

কিন্তু ইয়াৰ মাজতে ১৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড় কাৰাগাৰৰ খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিং থকা NSA চেলত জব্দ হৈছিল বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিমৰ্ট, দুটা ম'বাইল, স্পাই কেম পেইন, ব্লুটুথ হেডফোন । এই কথা জানিবলৈ দিছিল আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । উদ্ধাৰ হোৱা সামগ্ৰীসমূহ নিষিদ্ধ আছিল খালিস্তানী উগ্ৰপন্থীসকলক ৰখা কক্ষত । তেনেস্থলত এইসমূহ সামগ্ৰী কেনেকৈ কাৰাগাৰৰ ভিতৰলৈ আহিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছিল ।

এই ঘটনাক লৈ আজি পৰ্যন্ত মুখ খোলা নাই ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ গৃহ বিভাগে । কিন্তু ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে জেল কৰ্তৃপক্ষই । অমৃতপাল সিঙৰ লগতে দহ কাৰাবন্দীয়ে পঞ্জাৱলৈ প্ৰত‍্যাৱৰ্তন কৰাৰ দাবীত কেইবাটাও দিনৰ পৰা জেল কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাই । কিন্তু আৰক্ষীৰ বিশেষ সুত্ৰৰ পৰা জানিবলৈ দিয়া অনুসৰি জেইল কৰ্তৃপক্ষই দিয়া খাদ্য গ্ৰহণ নকৰিলেও তেওঁলোকে নিজেই ৰুটী, ব্ৰেড , ফল-মুল খাই আছে । খাদ্য গ্ৰহণত অনিয়ম হোৱা বাবেও স্বাস্থ্যৰ সমস্যা হ'ব পাৰে বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক: সুৰক্ষাৰ দোহাই দি জেল কৰ্তৃপক্ষই দিয়া আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত অমৃতপাল সিং আৰু সহযোগীসকল

Last Updated : Mar 6, 2024, 4:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.