ETV Bharat / state

সুৰক্ষাৰ দোহাই দি জেল কৰ্তৃপক্ষই দিয়া আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত অমৃতপাল সিং আৰু সহযোগীসকল

Khalistani leader Amritpal Singh: ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী ডিব্ৰুগড় হৈ থকা খালিস্তানপন্থী নেতা অমৃতপাল সিং আৰু তেওঁৰ কাৰাবন্দী সহযোগীসকলক পঞ্জাৱলৈ প্ৰত‍্যাৱৰ্তনৰ দাবীত কাৰাগাৰত অনশন ! জানিব পৰা মতে গ্ৰহণ কৰা নাই ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা খাদ্য ৷ ইয়াৰ বিপৰীতে জেল কৰ্তৃপক্ষৰ এক সূত্ৰমতে নিজে তৈয়াৰ কৰা খাদ্য গ্ৰহণ কৰি আছে কাৰাবন্দী খালিস্তানী নেতাকেইজনে ৷

Amripal Singh and other Prisoners on hunger strike demanding return to Punjab
কাৰাগাৰ কৰ্তৃপক্ষৰ বিপৰীতে নিজে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰিছে কাৰাবন্দী খালিস্তানপন্থী নেতাই
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 12:31 PM IST

|

Updated : March 1, 2024 at 1:08 PM IST

3 Min Read
Choose ETV Bharat
কাৰাগাৰ কৰ্তৃপক্ষৰ বিপৰীতে নিজে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰিছে কাৰাবন্দী খালিস্তানপন্থী নেতাই

মৰাণ, 1 মাৰ্চ: বৰ্তমানেও ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিং সহ আন 10 খালিস্তানী নেতা ৷ শেহতীয়া জানিব পৰা মতে ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাই খালিস্তানপন্থী নেতা অমৃতপাল সিং আৰু তেওঁৰ কাৰাবন্দী সহযোগীসকলে ৷ প্ৰাপ্ত তথ্য মতে সুৰক্ষাৰ দোহাই দি জেল কৰ্তৃপক্ষই দিয়া আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত আছে অমৃতপাল সিং আৰু সহযোগীসকল ৷

ইয়াৰ বিপৰীতে জেল কৰ্তৃপক্ষৰ এক সূত্ৰ মতে নিজে তৈয়াৰ কৰা খাদ্য খাই আছে কাৰাবন্দী খালিস্তানী নেতাকেইজনে ৷ গ্ৰহণ কৰা নাই ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা খাদ্য ৷ ইয়াৰ বিপৰীতে জেল কৰ্তৃপক্ষৰ এক সূত্ৰ মতে নিজে তৈয়াৰ কৰা খাদ্য খাই আছে কাৰাবন্দী খালিস্তানী নেতাকেইজনে ৷

শেহতীয়াকৈ অমৃতপাল সিঙক ৰখা NSA চেলত নিষিদ্ধ সামগ্ৰী জব্দ হোৱাৰ পাচতেই ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হয় অমৃতপাল সিঙৰ অধিবক্তা তথা প্ৰাক্তন সাংসদ ৰাজদেৱ সিং খালছা । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিংসহ তেওঁৰ সহযোগীক সাক্ষাৎ কৰিবলৈ অহা জ‍্যেষ্ঠ অধিবক্তা ৰাজদেৱ সিং খালছাই সংবাদ মাধ‍্যমৰ আগত অমৃতপাল সিঙৰ লগতে 9 কাৰাবন্দীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি তেওঁলোকক পঞ্জাৱলৈ প্ৰত‍্যাৱৰ্তন কৰাৰ দাবী তুলিছিল ৷

এই দাবী উত্থাপন হোৱাৰ পাচৰে পৰা অমৃতপাল সিঙৰ লগতে 9 কাৰাবন্দীয়ে জেল কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে । আনহাতে জেল কৰ্তৃপক্ষই দিয়া খাদ্য গ্ৰহণ নকৰিলেও তেওঁলোকে নিজেই বনোৱা ৰুটী আৰু পাউৰুটী ফল-মূল আদি খাই আছে বুলি কাৰাগাৰ কৰ্তৃপক্ষৰ এক বিশেষ সূত্ৰই জানিবলৈ দিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, জেল কৰ্তৃপক্ষই অমৃতপাল সিঙৰ লগতে দহ কাৰাবন্দীক নিজে ৰান্ধি খাব পৰা ব্যৱস্থা কৰি দিছিল পূৰ্বৰ পৰাই । চলিত বৰ্ষৰ 17 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অমৃতপাল সিং থকা NSA চেলত জব্দ হৈছিল বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিম’ৰ্ট, দুটা ম'বাইল, স্পাই কেম পেইন, ব্লুটুথ হেডফোন । খালিস্তানী উগ্ৰপন্থীক ৰখা কক্ষত নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি ৰহস্যৰ সৃষ্টি কৰিছিল ।

অৱশ্যে এই ঘটনাক লৈ আজি পৰ্যন্ত মুখ খোলা নাই ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ গৃহ বিভাগে । ঘটনা সন্দৰ্ভত জেল কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ পাচতে ডিব্ৰুগড় কাৰাগাৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বেষ্টনী । পৰিয়ালৰ লোকক জেলত সাক্ষাৎ কৰা ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ 23 ফেব্ৰুৱাৰীত পঞ্জাৱত অজনালাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অমৃতপাল সিং । এটা মাহ ধৰি পঞ্জাৱ আৰক্ষীক প্ৰত্যাহ্বান জনাই আত্মগোপন কৰি আছিল অমৃতপাল সিঙে । বিভিন্ন সময়ত বেশভূষা সলনি কৰি পলাই ফুৰিছিল খালিস্তানী নতাজনে ।

এই ঘটনাৰ পাচতেই অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হয় সিঙৰ লগতে 9 সহযোগীক ।

লগতে পঢ়ক: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ অধিবক্তা

Last Updated : March 1, 2024 at 1:08 PM IST