কয়লাখনিত অঘটন সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ, খনি ছীল নাগালেণ্ড প্ৰশাসনৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 7:28 PM IST

Updated : Jan 27, 2024, 8:11 PM IST

thumbnail

সৰুপথাৰ, 27 জানুৱাৰী: বৃহস্পতিবাৰে নাগালেণ্ডৰ ৰুচান বস্তিৰ কয়লাখনিত অগ্নিকাণ্ড সংঘটিত হৈ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল অসমৰ ছয়গৰাকী শ্ৰমিক ৷ ইয়াৰোপৰি গুৰুতৰভাৱে আহত হৈছিল চাৰিগৰাকী শ্ৰমিক ৷ উক্ত শোকাৱহ ঘটনাৰ পিচতে নাগালেণ্ড প্ৰশাসনে ছীল কৰে অবৈধ কয়লাখনিটো ।

ঘটনা সন্দৰ্ভত কয়লাখনিটোৰ লগত জড়িত নাগালেণ্ডৰ কয়লা ব্যৱসায়ী ম'য়ঠাং টুংৱে আৰু টেনঞ্জাম' মুজিইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তদুপৰি আন দুজন লোক উৰিয়ামঘাটৰ আটিকুৰ আলি আৰু ছৰিফুল আলী পলাতক হৈ আছে ৷ নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪(ক)/৩২৫/৩৩৬/৩৪ ধাৰীৰ অধীনত ০২/২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে নাগালেণ্ডৰ উক্ত অঞ্চলত পূৰ্বৰে পৰা অবৈধভাৱে কয়লাখনন চলি অহাৰ অভিযোগ উত্তাপিত হৈ আহিছে ৷ বহু সময়ত বিভিন্ন লোকে এনে অবৈধ খনন ৰোধৰ দাবে দাবী জনাই আহিছিল ৷

লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড: ছয় শ্ৰমিক নিহত, আহত চাৰিজন

Last Updated : Jan 27, 2024, 8:11 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.