ৰহাত দুৰ্বৃত্তই অপহৰণ কৰিলে গুটখাভৰ্তি ট্ৰাক

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:21 PM IST

thumbnail

ৰহা, ২ ফেব্ৰুৱাৰী: ৰহাৰ বগৰীগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বুধবাৰে নিশা দুৰ্বৃত্তৰ দল এটাই অপহৰণ কৰে গুটখাভৰ্তি ট্ৰাক এখন । দুৰ্বৃত্তৰ দল  AS 01 MC 7566 নম্বৰৰ গুটখাভৰ্তি ট্ৰাকখন অপহৰণৰ ঘটনাক লৈ ৰহস্য়ৰ সৃষ্টি হৈছে । ট্ৰাকখনৰ চালক হেণ্ডিমেনে এই সন্দৰ্ভত উল্লেখ কৰি কয় যে বুধবাৰে নিশা ৰহাৰ বগৰীগুৰিত ১৫/২০ জনীয়া দুৰ্বৃত্তৰ দল এটাই ৰাষ্ট্ৰীয় পথৰ ওপৰত গুৱাহাটীৰ পৰা বোকাখাত অভিমুখী গুটখা কঢ়িয়াই অনা ট্ৰাকখন আগুৰি ধৰে ।  

ইয়াৰ পিচতে ট্ৰাকখনৰ গ্লাছ ভাঙি চালক হেণ্ডিমেনক মাৰধৰ কৰি ট্ৰাকখন লৈ উধাও হয় । পিচত স্থানীয় লোকৰ সহযোগত চালক হেণ্ডিমেনে ৰহা আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰে । ৰহা আৰক্ষীয়ে এই ঘটনা সম্পৰ্কে অৱশ্যে বৃহস্পতিবাৰে সন্ধিয়াহে সংবাদ মাধ্যমক ঘটনা সম্পৰ্কে উল্লেখ কৰে । আনহাতে, ঘটনাটো সম্পৰ্কত ৰহা আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও ট্ৰাকখনৰ কোনো শুংসুত্ৰ পাবলৈ সক্ষম হোৱা নাই । ইপিনে, এই অপহৰণৰ ঘটনাত ট্ৰাকখনৰ চালক হেণ্ডিমেন জড়িত থকাৰো সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:বইটামাৰীত সামান্য় শিল পেলায়েই ধন লুটিলে পঞ্চায়ত প্ৰতিনিধিয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.