তিনিচুকীয়াত ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:10 PM IST

thumbnail

তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰী: সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক তথা জনবিৰোধী নীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে কেইবাটাও সংগঠনে শুকুৰবাৰে তিনিচুকীয়াত সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু সংযুক্ত কিষাণ মৰ্চা অসমৰ উদ্যোগত শতাধিক লোকে মহাবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰথমে তামোলবাৰীস্থিত কমিউনিটি হলত প্ৰতিবাদকাৰীসকল একগোট হৈ এক প্ৰতিবাদী সভা আয়োজন কৰে আৰু পৰৱৰ্তী সময়ত চহৰখনৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ সমদলৰ সময়ত মূল্যবৃদ্ধি ৰোধ কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, শ্ৰমিকক উচিত মৰ্যাদা প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: যানজঁটে প্ৰতিফলিত কৰিছে অসমৰ আৰ্থিক উন্নয়ন; মন্ত্ৰী ৰণজিৎ দাসৰ সূক্ষ্ম দৃষ্টিকোণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.