অংগনৱাড়ী কৰ্মীৰ পক্ষত তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰা

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:50 PM IST

Updated : Feb 24, 2024, 8:09 PM IST

thumbnail

ৰঙিয়া, 24 ফেব্ৰুৱাৰী: অসমৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে বহু বছৰ ধৰি ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰি অহাৰ পিচতো এইবছৰৰ বাজেটত তেওঁলোকৰ বাবে একো ঘোষণা কৰা নহ’ল ৷ ফলত ১৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ সমগ্ৰ অসমতেই কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বঞ্চিত কৰ্মীসকলৰ হৈ মাত মাতিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই । বছৰ বছৰ ধৰি এইসকল কৰ্মী, সহায়িকাই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ৰিপুণ বৰাই কয় যে এইসকল বঞ্চিত মহিলাৰ সংখ্যা তাকৰীয়া । সেয়েহে হয়তো চৰকাৰখনে লাখপতি বাইদেউ, অৰুণোদয়ৰ দৰে আঁচনিৰে ৰাজ্যখনৰ প্ৰায় বিশ লাখ মহিলাক নিজৰ ফলীয়া কৰি থৈ এইসকল মহিলাৰ সমস্যাৰ ফালে পিঠি দি বহি আছে ।

বিষয়টো সন্দৰ্ভত তীব্ৰ ক্ষোভ উজাৰি ৰিপুণ বৰাই কয় যে এইসকল কৰ্মী-সহায়িকা, আশা, ৰান্ধনী মহিলাৰো কষ্টৰ বিনিময়ত নিজৰ প্ৰাপ্য লাভ কৰাৰ অধিকাৰ আছে  । বিজেপি চৰকাৰখনে কেৱল নিৰ্বাচনৰ অংক কৰি অসমৰ এইসকল মহিলাক বছৰ বছৰ ধৰি বঞ্চিত কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে ।

লগতে পঢ়ক: ধুবুৰীত কাৰ্যালয়ত তলা ওলোমাই অসহযোগ আন্দোলন অংগনৱাড়ী কৰ্মী-সহায়িকাৰ

Last Updated : Feb 24, 2024, 8:09 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.