পশ্চিম বংগৰ পৰা সাংসদ হ’লেও অসমৰ সেৱাৰ বাবে প্ৰস্তুত থাকিম: সুস্মিতা দেব

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:29 PM IST

thumbnail

কাছাৰ, 11 ফেব্ৰুৱাৰী : সুস্মিতা দেবক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাবে মনোনীত কৰিছে তৃণমূল কংগ্ৰেছে ৷ পশ্চিমবংগৰ পৰা পুনৰ সুস্মিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে ৷ পশ্চিমবংগৰ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে দেওবাৰে চাৰিগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছে ৷ উক্ত তালিকাত সুস্মিতাসহ সাগৰিকা ঘোষ, নাদিমুল হক আৰু প্ৰাক্তন সাংসদ মমতাৱালা ঠাকুৰৰ নামো উল্লেখ আছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল সুস্মিতা দেব ৷ যোৱা ১৪ আগষ্টত ৰাজ্যসভাৰ কাৰ্যকাল শেষ হৈছিল তৃণমুল নেত্ৰীগৰাকীৰ ৷ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাবে নাম মনোনীত কৰাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ধন্যবাদ জ্ঞাপন কৰে সুস্মিতা দেবে  ।

ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সুস্মিতা দেব তৃণমূলৰ প্ৰাৰ্থী হ’ব বুলি চৰ্চিত হৈছিল ৷ ইয়াৰ মাজত নেত্ৰীগৰাকীক পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাবে ঘোষণা কৰাৰ লগে লগে কৰিমগঞ্জৰ ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন হ’বলৈ ধৰিছে ৷

লগতে পঢ়ক: মা কামাখ্যাৰ আশীৰ্বাদ লৈ লোকসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিবলৈ সাজু আপ অসম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.