শুংসূত্ৰ নাই দুৰ্ধৰ্ষ গঁড় চিকাৰী জগু পেগু

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:50 PM IST

thumbnail

গোলাঘাট, 29 জানুৱাৰী : এতিয়াও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই দুৰ্ধৰ্ষ গঁড় চিকাৰী জগু পেগুৰ ৷ বন বিভাগ, আৰক্ষী, এন ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ বুকুত ওৰে দিন অভিযান চলাইও উদ্ধাৰ কৰিব পৰা নাই জগুক । উল্লেখ্য যে, দেওবাৰে নিশা আৰক্ষীৰ বেষ্টনী ফালি বোকাখাতত হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জপিয়াইছিল জগু পেগুৱে ৷ সেই তেতিয়াৰ পৰাই বাতৰি যুগুত কৰা পৰ্যন্ত নিখোজ হৈ আছে দুৰ্ধৰ্ষ গঁড় চিকাৰী জগু পেগু ৷

ইফালে জগুৰ হেণ্ডকাফ ধৰি থকা জোৱান মোহিত বৰাও পৰি গৈছিল ব্ৰহ্মপুত্ৰৰ পানীত । দুয়োকে উদ্ধাৰ কৰিবলৈ জোৱান হীৰক জ্যোতি বৰদলৈয়ে জাঁপ দিছিল পানীত । বৰদলৈয়ে জোৱান মোহিত বৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও হেণ্ডকাফসহ পানীত জাপ দিয়া চোৰাং চিকাৰী জগু পেগুক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

ইফালে ব্ৰহ্মপুত্ৰত পৰি যোৱাত দুয়োগৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে অসুস্থ হৈ পৰে । তাৎক্ষণিকভাৱে দুয়োকে শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালত ভৰ্তি কৰা হৈছিল যদিও বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ গঁড় হত্যাৰ লগত জড়িত জগু পেগুক আটক কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক : আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.