ইতিহাস প্ৰসিদ্ধ ৰঘুনাথ মন্দিৰত চুৰিকাণ্ড

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:15 PM IST

thumbnail

বঙাইগাঁও, ৭ ফেব্ৰুৱাৰী : বঙাইগাঁৱৰ সৃজনগ্ৰামৰ ঐতিহাসিক ৰঘুনাথ মন্দিৰত চুৰিকাণ্ড । চোৰে লুটি নিলে সোণ-ৰূপ সহ ১৫-১৬ লাখ টকাৰ সা-সম্পত্তি । চুৰিকাণ্ডক লৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নামনি অসমৰ প্ৰসিদ্ধ এই মন্দিৰটোত পূৰ্বতেও সংঘটিত হৈছিল চুৰিকাণ্ড । ইতিমধ্যে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে গুৱাহাটীৰ পৰা ফৰেনচিকৰ দল ৰাওনা হৈছে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ । 

ৰামৰ সেউজীয়া মূৰ্তিৰ বাবে বিখ্যাত মন্দিৰটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো দৰ্শন কৰিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেইবাটাও প্ৰকল্পৰ কাম চলি আছে এই ঐতিহাসিক মন্দিৰটোত । মন্দিৰটোত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থাৰ দাবী জনাইছে ৰাইজে । ইতিমধ্যে সমগ্ৰ ঘটনাকলৈ তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীৰ দলে ।

লগতে পঢ়ক : কাছাৰত ৰৈ থকা কন্টেইনাৰৰ পৰা অনলাইন শ্বপিঙৰ সামগ্ৰী চুৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.