বৰপেটাৰ জনীয়াৰোডত ব্য়ৱসায়িক প্ৰতিষ্ঠানত চুৰি

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:54 PM IST

thumbnail

বৰপেটা, ২ ফেব্ৰুৱাৰী: ঈশ্বৰভক্ত চোৰে চুৰিৰ পূৰ্বে ভগবানক প্ৰণাম জনাই সংঘটিত কৰিলে চুৰি কাৰ্য ৷ মাস্ক পিন্ধা চোৰে এখোজ দুখোজকৈ আগবাঢ়ি দোকানৰ কেচবক্সৰ সন্মুখত বহি ইষ্ট দেৱতাৰ নাম স্মৰণ কৰি খমখমীয়া ৫০০ টকীয়া নোট কেইখন গনি গনি পকেটত ভৰালে ৷ এই দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত । বৰপেটাৰ জনীয়াৰোডৰ মেটুৱাকুছিত যোৱা নিশা সংঘচিত হৈছে এই ঘটনাটো ৷

মৃন্ময় ওজা নামৰ ব্যৱসায়ীজনৰ এম ডি ট্ৰেডাৰ্ছ নামৰ হাৰ্ডৱেৰ দোকানখনত বৃহস্পতিবাৰে নিশা সোমাল চোৰ ৷ দোকানখনৰ পিচফালৰ দৰ্জা ভাঙি সোমোৱা চোৰে কেচবক্সৰ পৰা লুটি নিলে নগদ ধন ৷ এতিয়া চুৰিৰ ঘটনাতকৈ চোৰৰ ঈশ্বৰ প্ৰীতিৰ বিষয়টোক লৈহে বৰপেটাত অধিক চৰ্চা চলিছে ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী আহি আছে; মৰিগাঁৱৰ বিজেপি কৰ্মীৰ সৈতে তাৰেই আলোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.