প্ৰধানমন্ত্ৰী আহি আছে; মৰিগাঁৱৰ বিজেপি কৰ্মীৰ সৈতে তাৰেই আলোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
Ranjeet Kumar Dass in Morigaoan: মৰিগাঁৱত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰে মতবিনিময় ৷

Published : February 1, 2024 at 8:34 PM IST
মৰিগাঁও, 1 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মৰিগাঁও জিলা আৱৰ্ত ভৱনত উপস্থিত হৈ কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী দাসে ৷
মন্ত্ৰী গৰাকী মৰিগাঁৱত উপস্থিত হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰে মতবিনিময় কৰে ৷ প্ৰধানমন্ত্ৰী মোদীৰ সভাত মৰিগাঁও জিলাৰ পৰা প্ৰায় 20 হাজাৰ বিজেপিৰ কাৰ্যকৰ্তা তথা সদস্যই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভা কেৱল গুৱাহাটী কেন্দ্ৰিক নকৰি ইয়াৰ দাঁতি কাষৰীয়া জিলা কেইখনৰ ৰাইজকো অন্তৰ্ভুক্ত কৰা হ’ব ৷ সেয়েহে মৰিগাঁও জিলাৰ বিজেপিৰ কাৰ্যকৰ্তা সকলক এই অনুষ্ঠানত অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু দলৰ জিলা সমিতিয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰেই বুজ ল’বলৈ মন্ত্ৰীগৰাকী জিলাখনত উপস্থিত হয় বুলি জানিবলৈ দিয়ে ৷
আনহাতে জিলা আৱৰ্ত ভৱনত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আছুৱে চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ এই বিষয় সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে আছুৰ নেতৃত্বক আলোচনাত বহাৰ আহ্বান জনায় ৷
লগতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যদি কৰবাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ বাবে কোনোবাই উপঢৌকন বিচাৰে তেতিয়া এই বিষয়ে জিলা আয়ুক্তক পোনপটীয়াকৈ অভিযোগ দাখিল কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : ৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

