মৰিয়নীত ৰাষ্ট্ৰীয় সাহিত্য-সাংস্কৃতিক উৎসৱ ‘দকচিৰি’

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:53 PM IST

thumbnail

যোৰহাট, 10 ফেব্ৰুৱাৰী : অসমৰ অগ্ৰণী সাহিত্যৰ অনুষ্ঠান ‘শব্দ’ৰ উদ্যোগত আয়োজন কৰা হৈছে ষষ্ঠ শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সাংস্কৃতিক উৎসৱ ‘দকচিৰি’ । মৰিয়নীৰ নকছাৰিৰ মিল গাঁৱত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা দকচিৰি উৎসৱত অংশ ল’ব কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি, সাহিত্যিকৰ লগতে অসমৰো বহুকেইগৰাকী শিল্পী সাহিত্যিকে ৷

ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কবি উজ্জ্বল পাওগামৰ পৰিকল্পনাৰে আয়োজন কৰা ‘দকচিৰি’ উৎসৱত কবিতা, সাহিত্য, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হ’ব গ্ৰন্থমেলা, ভাওনা, নৈপৰীয়া নাট্য মহোৎসৱ, কৃষিমেলাকে ধৰি জনগোষ্ঠীয় খাদ্য মেলাও । মৰিয়নীৰ মাজেৰে বৈ অহা টীয়ক নৈৰ বলুকাত এক নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হোৱা দকচিৰিৰ প্ৰথমদিনা কবিতা, সাহিত্য, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে শিশুৰ অনুষ্ঠান ৰংমেলাৰো আয়োজন কৰা হৈছে ৷ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত আয়োজন কৰা এই অনুষ্ঠানে সকলোকে মুগ্ধ কৰিছে । তাৎপৰ্যপূৰ্ণ যে ব্যতিক্ৰমী এই কাৰ্যসূচীয়ে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : চিনামৰাৰ বৰভেটা মাজগাঁৱত জী-জোঁৱাই সন্মিলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.