চিনামৰাৰ বৰভেটা মাজগাঁৱত জী-জোঁৱাই সন্মিলন

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 9:25 PM IST

thumbnail

যোৰহাট, 27 জানুৱাৰী : যোৰহাটৰ এখন গাঁৱৰ এক ব্যতিক্ৰমী চিন্তা আৰু পদক্ষেপ । যি পদক্ষেপে আৰু কাৰ্যসূচীয়ে সমাজত বিলাইছে সম্বন্ধয় বাৰ্তা আৰু ভ্ৰাতৃত্ববোধৰ প্ৰেম । চিনামৰা বৰভেটা মাজগাঁও প্ৰগতি পুথিভঁৰাল প্ৰাংগণত উক্ত গাঁওখনৰ পৰা অন্য স্থানলৈ বিয়া হৈ যোৱা জীয়াৰী আৰু তেওঁলোকৰ স্বামীসকলক একগোট কৰি অনুষ্ঠিত কৰিলে জী-জোঁৱাই সন্মিলন ।

এই সন্মিলনৰ উদ্দেশ্য এটাই যে গাঁওখনৰ ৰীতি-নীতি, পৰম্পৰা সকলো মানুহৰ মাজত চিনাকী কৰাই দিয়া, সকলোৰে মাজত মিলা-প্ৰীতিৰ ভাৱধাৰা বৰ্তাই ৰখা ৷  উঠি অহা প্ৰজন্মৰ মাজত যাতে এই মিলা-প্ৰীতিৰ ভাৱধাৰা অক্ষুন্ন থাকে, সেয়াও আশা কৰে উদ্যোক্তাই ৷ বিভিন্ন প্ৰান্তৰ পৰা উক্তস্থানত জী-জোঁৱাইসকল উপস্থিত হৈ তেওঁলোকে ভাৱৰ আদান-প্ৰদান কৰা, একেলগে বিহু নচা, প্ৰীতিৰে ভোগালীৰ এসাজ খাই আনন্দ কৰা দেখা পোৱা গ’ল ।

এই সন্মিলনতে জীয়াৰীসকল শৈশৱ, কৈশোৰ সুঁৱৰি নষ্টালজিক হৈ পৰা দেখা পোৱা গ’ল আৰু জোঁৱাইসকলে গাঁওখনৰ বিভিন্ন কথা বৰ্ণনা কৰি আপ্লুত হৈ পৰে । এনেধৰণৰ ব্যতিক্ৰমী চিন্তাৰে এখন সমাজ উত্তৰণ ক্ষেত্ৰত আগবাঢ়ি যাব আৰু উঠি অহা প্ৰজন্মক দি যাব এক সুন্দৰ সমাজৰ নিদৰ্শন । জী-জোঁৱাই সন্মিলন ভৱিষ্যতেও অনুষ্ঠিত কৰি যোৱাৰ পণ লয় গাঁৱখনৰ লোকসকলে । চিনামৰা বৰভেটা মাজগাঁওবাসীৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক : ভূপেন বৰালৈ আৰক্ষীৰ চমন, ৩১ জানুৱাৰীত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.