চাকৰি নিয়মীয়াকৰণৰ দাবীৰে জোনাইত টেট উত্তীর্ণ শিক্ষক সমাজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:57 AM IST

thumbnail

জোনাই, 30 জানুৱাৰী : জোনাই মুৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ প্ৰাংগনত সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ উদ্যোগত সোমবাৰে 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে টেট উত্তীর্ণ শিক্ষকসকলে ৷ নতুন দৰমহাৰে চাকৰি নিয়মীয়াকৰণ অথবা পুৰণি দৰমহা আৰু সা-সুবিধাৰ লগতে ঠিকাভিত্তিক শিক্ষক ৰূপে কর্মৰত শিক্ষকসকলৰ বিৰুদ্ধে চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে টেট উত্তীৰ্ণ শিক্ষকসকলে ৷

শিক্ষা বিভাগৰ নিয়মীয়কৰণত চৰকাৰৰ ‘‘বিকল্প বাচনি’’ ব্যৱস্থা প্ৰত্যাহাৰ কৰা, সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উত্তীর্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ, শিক্ষকসকলক বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে প্ৰতিবাদী শিক্ষকসকলে ৷ ইফালে, শীঘ্ৰে শিক্ষকৰ সমস্যাসমূহ সমাধানৰ দাবীৰে সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে শিক্ষা বিভাগৰ সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ উভতি আহিলো: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.