মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত চাৰিখনকৈ বাহন

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:44 PM IST

thumbnail

তিনিচুকীয়া, ৫ ফেব্ৰুৱাৰী : সোমবাৰে আবেলি মাকুম চান্দমাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এটা ভয়ংকৰ পথ-দুৰ্ঘটনা ৷ চাৰিখনকৈ বাছ এই দুৰ্ঘটনাত পতিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰৈ থকা AS03 AH6847 নম্বৰৰ মাহিন্দ্ৰা XUV-300, AS23 AD4898 নম্বৰৰ মাহিন্দ্ৰা বলেৰ’ আৰু টয়'টা হায়দাৰ নামৰ তিনিখনখনকৈ বাহনত AS23 CC1355 নম্বৰৰ নৱজ্যোতি নামৰ আল্ট্ৰা বাছ এখনে খুন্দা মাৰে ।

উক্ত দুৰ্ঘটনাত দুজনকৈ লোক আহত হোৱাৰ লগতে আটাইকেইখন বাহন ক্ষতিগ্ৰস্থ হৈছে । ইফালে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বাছখনৰ চালকজনে পলায়ন কৰা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ আহত হোৱা ব্যক্তি দুগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্থ বাহনকেইখন থানালৈ লৈ যায় ।

লগতে পঢ়ক : বলেৰ’ পিকআপ বাহন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ, এজন নিহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.