বলেৰ’ পিকআপ বাহন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ, এজন নিহত

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 12:16 PM IST

thumbnail

ডিব্ৰুগড়, 5 ফেব্ৰুৱাৰী : ডিব্ৰুগড় বকপৰা-খনিকৰ পথত সোমবাৰে পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে তিনিজন আহত হয় বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি AS04 BC 9597 বলেৰ’ পিকআপ বাহন আৰু AS04BC 0667 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ হোৱাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । পথত থকা আৰক্ষীৰ বেৰিকেড মহতিয়াই নিয়ে দুয়োখন দুৰ্ঘটনাত পতিত বাহনে ।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল দুয়োখন বাহনেই ভাঙি চূৰমাৰ হৈ পৰে । এই দুৰ্ঘটনাৰ পিচত বাহনকেইখনৰ লোককেইজন দুঘণ্টাৰো অধিক সময় গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকে। আৰক্ষীয়ে দুঘণ্টাৰ পাচতহে ৰিকভাৰী ভান আৰু এক্সকেভেটৰৰ ব্যৱস্থা কৰি লোককেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আহত তিনিজনকে AMCH লৈ প্ৰেৰণ কৰা হৈছে যদিও ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ৷ ইফালে মৃত লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷

দুৰ্ঘটনাত পতিতসকলৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক: হেলেম আৰক্ষীৰ অভিযানত বাহনসহ ৮ জনীয়া গভাইত চোৰৰ দল গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.