ETV Bharat / state

হেলেম আৰক্ষীৰ অভিযানত বাহনসহ ৮ জনীয়া গভাইত চোৰৰ দল গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:26 AM IST

Halem police raid : চোৰ বিচাৰি তৎপৰ হৈছে বিশ্বনাথ জিলা আৰক্ষী ৷ শনিবাৰে হেলেম আৰক্ষীয়ে অভিযান চলাই বাহনসহ 8 জনীয়া এটা গভাইত চোৰৰ দল গ্ৰেপ্তাৰ কৰে ৷ লগতে ধৃত চোৰকেইটাৰ পৰা 7 টা ম’বাইল ফোন আৰু লোৰ টুকুৰা জব্দ কৰা হৈছে ৷

Halem police raid
হেলেম আৰক্ষীৰ অভিযানত বাহনসহ ৮ জনীয়া গভাইত চোৰৰ দল গ্ৰেপ্তাৰ
হেলেম আৰক্ষীৰ অভিযানত বাহনসহ ৮ জনীয়া গভাইত চোৰৰ দল গ্ৰেপ্তাৰ

বিশ্বনাথ, 4 ফেব্ৰুৱাৰী : ৰাজ্যত দপদপাই আছে ATM চোৰৰ দলে । চোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে । ইয়াৰ মাজতে কিছুদিনৰ পূৰ্বে গহপুৰ ঘাঁহিগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ ATM টোৰ তলা ভাঙি এটা 8 জনীয়া চোৰৰ দলে প্ৰৱেশ কৰিছিল ৷ কিন্তু চোৰৰ দলটোৱে ATM ৰ চাটাৰ্ড ভাঙিব নোৱাৰি বিফল হৈছিল ৷ ফলত চোৰৰ দলটোৱে কোনো টকা নিব নোৱাৰিলে ৷

এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে হেলেম আৰক্ষী থানাৰ আৰক্ষী বিষয়া সঞ্জয় শইকীয়াই চোৰৰ দলটো বিচাৰি অভিযান আৰম্ভ কৰে । এই অভিযান কালতে শনিবাৰে বিয়লি হেলেমৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নম্বৰ প্লেটবিহীন বলেৰ’ বাহনসহ 8 জনীয়া চোৰৰ এটা দলক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

আৰক্ষীয়ে চোৰৰ দলটোক আটক কৰি তদন্ত কৰাৰ পিচতেই স্পষ্ট হয় যে এই 8 জনীয়া চোৰৰ দলটোৰ নেতৃত্বতেই ঘাঁহিগাঁৱৰ SBI ATM টোত চুৰি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ আটকাধীন চোৰৰ দলটো হৈছে জাহিদুল মিঞা, আতুৱাৰ খান, বছেদ আলী, তাইজুদ্দিন আহমেদ, উচমান আলী, শ্বাহনুৰ ইছলাম, নাজিম উদ্দিন আৰু ছাইফুল ইছলাম । ধৃত চোৰকেইটাৰ ঘৰ বাক্সা জিলাৰ গোৱাধৰাত বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে ধৃত চোৰকেইটাৰ পৰা এখন বলেৰ’ বাহনসহ 7 টাকৈ ম’বাইল ফোন আৰু বহু আপত্তিজনক লোৰ টুকুৰা জব্দ কৰিছে । ইতিমধ্যে দেওবাৰে হেলেম আৰক্ষীয়ে হেলেম থানাত চোৰৰ দলটোৰ বিৰুদ্ধে 9/2024 ত ভাৰতীয় দণ্ড বিধি আইনৰ 399 ত এক গোচৰ ৰুজু কৰি বিয়লি বিশ্বনাথ চাৰিআলি জিলা ন্যায়িক আদালতত হাজিৰ কৰে । আদালতে 8 জনীয়া ATM চোৰৰ দলটোক জেইল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কোকৰাঝাৰ আৰক্ষী থানাত মানস চলিহা; কৰা নাই জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.