ETV Bharat / state

কোকৰাঝাৰ আৰক্ষী থানাত মানস চলিহা; কৰা নাই জেৰা

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 8:31 PM IST

Updated : Feb 4, 2024, 9:40 PM IST

Manash Chaliha: মানস চলিহা নামৰ প্ৰৱঞ্চকটো বৰ্তমান আছে কোকৰাঝাৰ আৰক্ষী থানাত ৷ নিৰাপদ জিম্মাত ৰখা হৈছে অন্তহীন অভিযোগত অভিযুক্ত মানস চলিহা ৷ দেওবাৰেই গুৱাহাটীলৈ প্ৰৱঞ্চকটোক লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে ৷

Manash Cahaliha
মানস চলিহা

কোকৰাঝাৰ, ৪ ফেব্ৰুৱাৰী: ঠগ-প্ৰৱঞ্চনাত ওস্তাদ মানস চলিহাক এটা দিনৰ বাবে নিৰাপদ জিম্মাত ৰখা হৈছে কোকৰাঝাত ৷ মহা ধুৰন্ধৰটোক শনিবাৰে পশ্চিম বংগৰ ধূপগুৰি এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচত একেদিনাৰ নিশাই কোকৰাঝাৰলৈ অনা হয় আৰু নিৰাপদ জিম্মাৰ বাবে কোকৰাঝাৰ সদৰ থানাৰ লক-আপত ৰখা হয় ।

আজি অৰ্থাৎ দেওবাৰে নিশাৰ ভাগত গুৱাহাটী আৰক্ষীৰ দলে মানস চলিহাক লৈ গুৱাহাটীলৈ বুলি ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি বহু লোকক প্ৰৱঞ্চনা কৰি অহাৰ পিচত শেহতীয়াকৈ আলফা (স্বাধীন)ৰ শিৱিৰলৈ গুপ্তচৰ পঠিওৱাৰ অভিযোগৰ পিচতে খোল খাইছিল মানস চলিহা নামৰ ধুৰন্ধৰটোৰ প্ৰতিটো ক’লা অধ্যায় ৷

আলফা(স্বা)ৰ শিৱিৰত বন্দী হৈ থকা মানস বৰগোহাঁই নামৰ যুৱকজনে ইটোৰ পিচত সিটো অভিযোগ উত্থাপন কৰিছিল দেৰগাঁৱৰ মানস চলিহাৰ বিৰুদ্ধে ৷ সুযোগ লাভ লাভ কৰি মানস চলিহাৰ প্ৰৱঞ্চনাৰ বলি হোৱা আন বহুতেও সামাজিক মাধ্যমযোগে খুলিছিল মুখ ৷ ইয়াৰ পিচতে মানস চলিহাৰ বিৰুদ্ধে থকা এটা পুৰণি গোচৰৰ সন্দৰ্ভত ফাইলৰ গাঁথি খুলিছিল দিছপুৰ থানাই ৷

বিভিন্ন প্ৰৱঞ্চনা, ঠগবাজ পোহৰলৈ অহাত সামাজিক মাধ্যমত নেটিজেনসকল সৰৱ হৈ পৰিছিল মানস চলিহাক গ্ৰেপ্তাৰৰ দাবীত । এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে সৰকোৱা আদি তথ্য পোহৰলৈ অহাৰ পিচতে মানস চলিহা হৈ পৰিছিল অন্তৰ্ধান ৷ অৱশেষত পুৰণি গোচৰৰ ভিত্তিত দিছপুৰ থানাৰ তৎপৰতাত শনিবাৰে পশ্চিম বংগৰ পৰা ধুৰন্ধৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

পশ্চিম বংগ আৰক্ষীৰ পৰা অসম আৰক্ষীয়ে মানস চলিহাক চমজি লোৱাৰ পিচত দেওবাৰে নিশালৈ গুৱাহাটীলৈ লৈ যোৱাৰ কথা আছে মানস চলিহা নামৰ প্ৰৱঞ্চকটোক ৷

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত আৱদ্ধ হ’ল ধুৰন্ধৰ মানস চলিহা

Last Updated : Feb 4, 2024, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.