খোৱাঙৰ মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত, থিতাতে নিহত 1, আহত 2

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 1:45 PM IST

thumbnail

ডিব্ৰুগড়, 2 ফেব্ৰুৱাৰী : শুকুৰবাৰে পুৱা খোৱাঙত সংঘটিত হয় এক অঘটন ৷ ডিব্ৰুগড়ৰ খোৱাং মাধকলিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন আৰু আন দুজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, AS 22 C 7957 নম্বৰৰ তীব্ৰেবেগী ডাম্পাৰ এখনে মহতিয়াই নিয়ে AS 06 X 0435 নম্বৰৰ এখন মাৰুটি ভেনক ৷ ফলত মাৰুটি ভেনখন পথৰ ওপৰতে কেবাবাৰো উলুটি খাই পৰে ৷ যাৰ ফলত মাৰুটি ভেনখনত থকা এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷

নিহত লোকজন টিংখাঙৰ ১ নং ধমন গাঁৱৰ দুলেশ্বৰ সোণোৱাল বুলি চিনাক্ত কৰিছে ৷ আনহাতে, আহত আন দুজন ক্ৰমে ধমন গাঁৱৰ অখিল সোণোৱাল আৰু কপৌহুৱা গাঁৱৰ ৰঞ্জিত বুলি জানিব পৰা গৈছে । টিংখাঙৰ পৰা ডিব্ৰুগড় দিশে গৈ আছিল দুয়োখন দুৰ্ঘটনাগ্ৰস্ত বাহন ।

ইফালে উক্ত ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে তীব্ৰেবেগী ডাম্পাখন ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাখনৰ ফটো সংগ্ৰহ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.