পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপকে

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 1:39 PM IST

thumbnail

বঙাইগাঁও, 29 জানুৱাৰী: সোমবাৰে বঙাইগাঁও জিলাৰ কাকৈজানা বেলতলীৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক। ৰাখালডুবিৰ পৰা উত্তৰ শালমাৰা দিশলৈ আহি থকা AS 01 E W 0523 নম্বৰৰ চাৰিচকীয়া বাহনৰ লগত উত্তৰ শালমাৰা দিশৰ পৰা ৰাখালডুবি অভিমুখে গৈ থকা AS 01 HC 5903 নম্বৰৰ মালবাহী এখন ট্ৰাকে মুখামুখি সংঘৰ্ষত লিপ্ত হয় । 

নিহত লোকগৰাকী চাৰিচকীয়া বাহনৰ চালক তুলুঙীয়াস্থ দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপক অতনু কুমাৰ মিশ্ৰ বুলি জানিব পৰা গৈছে । স্কুটী আৰোহীগৰাকীক বচাবলৈ গৈ মৃত্যু মুখত পৰে অধ্যাপকগৰাকী ৷ এই ঘটনাই সমগ্ৰ বঙাইগাঁৱতে শোঁকৰ ছাঁ পেলাইছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক: আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.