গাঁতৰ পৰা ওলাইছে অহৰহ ধোঁৱা আৰু গেছৰ গোন্ধ : আতংকিত ৰাইজ - guwahati news
🎬 Watch Now: Feature Video

Published : January 26, 2024 at 5:22 PM IST
গুৱাহাটী, ২৬ জানুৱাৰী : গণৰাজ্য দিৱসৰ দিনাই হুৱাদুৱা লাগিল মহানগৰীৰ সাতগাঁও অঞ্চলত। মহানগৰীৰ সাতগাঁৱৰ সূৰ্য নগৰৰ এজন লোকৰ ঘৰৰ সন্মুখত এটা গাঁতৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু গেছক কেন্দ্ৰ কৰি আতিংকিত হৈছে স্থানীয় ৰাইজ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, অঞ্চলটোত বিদ্যুৎ বিভাগৰ খুঁটা পোতাৰ বাবে পুৱাই খান্দিছিল গাঁতটো । তাৰ পিচতেই গাঁতৰ পৰা অহৰহ ধোঁৱা আৰু গোন্ধ ওলোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে ৷ ইয়াৰ কিছু সময়ৰ পিচতে স্থানীয় ৰাইজে সাতগাঁও আৰক্ষী থানা আৰু বিদ্যুৎ বিভাগক অৱগত কৰে ৷ তাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় সাতগাঁও আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোক।
খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ তন্ন তন্নকৈ পৰীক্ষা কৰে যদিও গাঁতৰ পৰা ধোঁৱা আৰু গেছ নিৰ্গত হোৱাৰ কাৰণ বিচাৰি নাপায় । ইপিনে গাঁতৰ পৰা অহৰহ ধোঁৱা আৰু গেছ নিৰ্গত হোৱাত সম্প্ৰতি অঞ্চলটোত ভয় আৰু আতংকই বিৰাজ কৰিছে । স্থানীয় ৰাইজে গাঁতৰ পৰা ধোঁৱা আৰু গেছৰ গোন্ধৰ উৎস বিচাৰি ভূতত্ত্ব বিভাগৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে। ভূতত্ব বিভাগৰ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত ৰহস্য ৷
লগতে পঢ়ক: নিজ গৃহতেই দুৰ্বৃত্তই হত্যা কৰিলে 81 বছৰীয়া বৃদ্ধক