এফালে সীমান্ত শেখৰৰ কণ্ঠ-মুখ্যমন্ত্ৰীৰ নৃত্য, আনফালে আৰক্ষীৰে ৰাইজৰ টনা-আজোৰা - Assam Mala Project Victim

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:23 PM IST

thumbnail

তিনিচুকীয়া, ৫ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকাৰ সময়তে তিনিচুকীয়াত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ কেতবোৰ অভিযোগ লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বিচৰা একাংশ লোকক আৰক্ষীয়ে বাধা দিয়াৰ পিচতে সৃষ্টি হয় প্ৰতিবাদমুখৰ পৰিৱেশৰ ৷ প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে চাৰিজন লোকক ৷

উল্লেখ্য যে শুকুৰবাৰে তিনিচুকীয়াৰ বুঢ়ীদিহিঙৰ বালিজানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াৰ সময়তে অসম মালা পথ নিৰ্মাণৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ নিদিয়াৰ অভিযোগত ৰাজপথত ৰূপায়ণ কৰিছিল এক প্ৰতিবাদী কাৰ্যসূচী ।

প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণসহ চাৰিজনক । এই ঘটনাৰ পিচতেই অসম মালা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি অতি সোনকালে আটকাধীন লোককেইগৰাকীক মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে  ।

লগতে পঢ়ক: ভূপেন বৰাক মুখ্যমন্ত্ৰী পতাৰ বাবে চেষ্টা চলাই আছে ড৹ শৰ্মাই ! নিজ মুখে ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.