ETV Bharat / politics

ভূপেন বৰাক মুখ্যমন্ত্ৰী পতাৰ বাবে চেষ্টা চলাই আছে ড৹ শৰ্মাই ! নিজ মুখে ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে - Himanta Biswa Sarma on Bhupen Borah

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 4:37 PM IST

Himanta Biswa Sarma: ভূপেন বৰাক মুখ্যমন্ত্ৰী পতাৰ বাবে চেষ্টা চলাই আছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে ল’ৰা আৰু ছোৱালীৰ পঢ়াৰ দায়িত্বও ভগাই লোৱা হৈছে অভিভাৱক আৰু চৰকাৰৰ মাজত ৷ সৰ্বানন্দ সোণোৱাল জিকিলে কি লাভ হ’ব? ক’লে মুখ্যমন্ত্ৰীয়ে ৷

Himanta Biswa Sarma
ডিগবৈত সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া, ৫ এপ্ৰিল: ল’ৰা আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব ভগাই লোৱা হ’ল চৰকাৰ আৰু মাক-দেউতাকৰ মাজত ৷ ল’ৰাৰ পঢ়াৰ দায়িত্ব ল’ব পিতৃ-মাতৃয়ে আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব ল’ব চৰকাৰে ৷ সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাবলৈ গৈ এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

মেট্ৰিক উত্তীৰ্ণৰ পিচতে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে ছাত্ৰীসকলৰ নামভৰ্তি মাচুল বিনামূলীয়া হ’ব ৷ তদুপৰি ছাত্ৰীগৰাকীক বেংক একাউণ্টত চৰকাৰে সুমুৱাই দিব দহ হাজাৰ টকা ৷ সেইদৰেই মহাবিদ্যালয়ত নামভৰ্তি কৰিলে বাৰ হাজাৰ পাঁচশ টকা আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে 25 হাজাৰ টকা দিব চৰকাৰে ৷ কিন্তু ল’ৰাৰ ক্ষেত্ৰত তেনে নহয় ৷ ল’ৰাৰ দায়িত্ব দিয়া হ’ল পিতৃ-মাতৃক ৷

উল্লেখ্য যে শুকুৰবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ বুঢ়িদিহিং মৌজাৰ বালিজানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ ছখন গাঁও পঞ্চায়ত সন্নিৱিষ্ট বুঢ়িদিহিং মৌজাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বানন্দ সোণোৱালৰ বিপৰীতে কোন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে সেই কথা উল্লেখ নকৰি সৰ্বানন্দ সোণোৱাল জয়ী হ’ল কি কি সুবিধা হ’ব সেই কথা ৰাইজক বুজালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে ভূপেন বৰাৰ সম্পৰ্কত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভূপেন বৰাক মুখ্যমন্ত্ৰী পতাৰ বাবেই ড৹ শৰ্মাই চেষ্টা চলাই থকা বুলি মন্তব্য কৰে ৷

বৰ্তমানো কেন্দ্ৰীয় মন্ত্ৰী হিচাবে থকা সৰ্বানন্দ সোণোৱাল জয়ী হ’লে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে দিল্লীত সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীক সহায় কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সহায় কৰিব ৷ সেই কথা উল্লেখ কৰি ডাবল ইঞ্জিনৰ প্ৰসংগ দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে লোকসভা নিৰ্বচনৰ পিচতে ডিগবৈ সমষ্টিৰ সকলো জৰাজীৰ্ণ পথ মেৰামতিৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পূৰ্বে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো যথেষ্ট ডাঙৰ হোৱাৰ বাবে বহু সমস্যা থকাৰ কথা উল্লেখ কৰে ড৹ শৰ্মাই ৷ ইফালে, আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সকলো ৰেচন কাৰ্ড থকা সকলো মহিলা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ব বুলি কথা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

শুকুৰবাৰৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে কেবাগৰাকীও দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.