মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি : বশিষ্ঠ থানাত এজাহাৰ দাখিল ৰাজ্যিক বিজেপিৰ - Assam CM Forgery signature

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 10:50 PM IST

thumbnail

গুৱাহাটী, 4 এপ্ৰিল : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত দুষ্ট চক্ৰৰ অপপ্ৰচাৰ ৷ এই ঘটনা সংক্ৰান্তত বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিয়ে এখন এজাহাৰ দাখিল‌ কৰে ৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চহী জালিয়াতি কৰি কোনো দুষ্ট চক্ৰই সামাজিক মাধ্যমত প্ৰেৰণ কৰিছে এক বিশেষ বাৰ্তা ৷ য’ত সকলো বিজেপি কাৰ্যকৰ্তা, নেতা, মন্ত্ৰী তথা সাংসদসকলক নিৰ্বাচনত ভোটাৰ সকলে ভোট দিবলৈ অহাৰ সঠিক সময় লিখি ৰাখিবলৈ আহ্বান জনোৱা হৈছিল ৷

আনহাতে লিখি ৰাখিবলৈ আহ্বান জনোৱা সময়ৰ জৰিয়তে AI টেকনলজি ব্যৱহাৰ কৰি কোন ভোটাৰে কাক ভোট দিছে এয়া মুখ্যমন্ত্ৰীয়ে উলিয়াই ল’ব বুলি এই বিশেষ বাৰ্তাত উল্লেখ আছে ৷ লগতে বিজেপিক ভোট নিদিয়া সকলক চৰকাৰী সা-সুবিধা তথা আঁচনিৰ পৰা বঞ্চিত কৰিব বুলিও উল্লেখ আছে সেই বিশেষ বাৰ্তাত ৷ 

ইয়াৰ পিচতেই ৰাজ্যিক বিজেপিৰ আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে এই সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দুষ্ট চক্ৰক কৰায়ত্ত কৰিবলৈ আহ্বান জনায় ৷ ইফালে নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ নামত সামাজিক মাধ্যমত কোনে কি উদ্দেশ্যেৰে এই বিশেষ বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল কৰিছে তাক লৈয়ো বহু প্ৰশ্নৰ উদয় হোৱা বুলি মন্তব্য কৰে তেওঁ ৷ 

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ভূপেন বৰাৰ - Defamation Case Against CM Himanta

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.