চাকৰি নিয়মীয়াকৰণৰ দাবীত শিক্ষকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:19 PM IST

thumbnail

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : বিদ্যালয় এৰি ৰাজপথত প্ৰতিবাদত বহিছে শিক্ষক ৷ পদ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি চাকৰি নিয়মীয়াকৰণৰ দাবীত বঞ্চিত শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী । ন্যায্য প্ৰাপ্তিৰ দাবী তুলি সদৌ অসম প্রাদেশীকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে বঞ্চিত শিক্ষকসকলে । প্ৰতিবাদী শিক্ষকসকলে মহাত্মা গান্ধী আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবি সন্মুখত ৰাখি চাকি-বন্তি জ্বলাই চৰকাৰৰ সুমতি কামনা কৰে । প্ৰতিবাদকাৰী শিক্ষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় বৃত্তিমূলক অর্হতা ডি. এল. এড, বি. এড, পি. এইচ. ডি ডিগ্রী থকাৰ পিচতো চৰকাৰে তেওঁলোকক চাকৰিৰ পৰা বঞ্চিত কৰাত ক্ষোভ প্ৰকাশ কৰে ৷ লক্ষণীয় যে দীৰ্ঘদিন ধৰি, শিক্ষক সমাজে চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.