গৱেষক ড৹ পুষ্প গগৈক প্ৰদান কৰা হ'ব 'পণ্ডিত টেঙাই মহন বঁটা'

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 7:30 AM IST

thumbnail

মৰাণ, ৬ ফেব্ৰুৱাৰী : বিশিষ্ট বুৰঞ্জীবিদ, টাই সংস্কৃতিৰ গৱেষক ড৹ পুষ্প গগৈক প্ৰদান কৰা হ'ব ২০২৪ বৰ্ষৰ 'পণ্ডিত টেঙাই মহন বঁটা' ৷ টাই সংস্কৃতিৰ গৱেষক, প্ৰথমগৰাকী অভিধান প্ৰণেতা, বিলাত ফেৰৎ প্ৰথমগৰাকী অসমীয়া পণ্ডিত টেঙাই মহনৰ স্মৃতিত টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই প্ৰদান কৰি আহিছে এই বঁটা ৷ তৃতীয় বৰ্ষৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে ড৹ পুষ্প গগৈক ৷

সোমবাৰে মৰাণত এক সংবাদমেল অনুষ্ঠিত কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় চন্দন ৰাজকোঁৱৰে এই ঘোষণা কৰে ৷ অহা ১১ ফেব্ৰুৱাৰীত ৰাজগড়ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক 'পণ্ডিত টেঙাই মহন বঁটা ' প্ৰদান অনুষ্ঠানত ড৹ পুষ্প গগৈক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব ৷ লগতে পণ্ডিত টেঙাই মহনৰ স্মৃতি দিৱসটো টাইপাই 'অসম অভিধান দিৱস' হিচাপে পালন কৰাৰো সিদ্ধান্ত লৈছে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ৷

লগতে অসম চৰকাৰক ১১ ফেব্ৰুৱাৰী দিনটো 'অসম অভিধান দিৱস' হিচাপে ঘোষণা কৰিবৰ বাবে আহ্বান জনাইছে ৷ সোমবাৰে আয়োজিত উক্ত সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক সুজিত চাংমাই উপস্থিত থাকে ৷

লগতে পঢ়ক : আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্রুগড় জিলা আছুৰ সাধাৰণ অধিবেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.