ETV Bharat / state

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্রুগড় জিলা আছুৰ সাধাৰণ অধিবেশন

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:02 PM IST

Dibrugarh AASU Annual Session : আৰম্ভ হ'ল সদৌ ডিব্রুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন । সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে টেঙাখাত মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে এই অধিবেশন

ডিব্রুগড় জিলা আছুৰ সাধাৰণ অধিবেশন আৰম্ভ

আজিৰে পৰা ডিব্রুগড় জিলা আছুৰ সাধাৰণ অধিবেশন

ডিব্ৰুগড়, ৫ ফেব্ৰুৱাৰী : অসমৰ জাতীয় জীৱনৰ শক্তিশালী ছাত্ৰ সংগঠন হৈছে সদৌ অসম ছাত্ৰ সন্থা । আনহাতে, উজনি অসমৰ জিলাসমূহৰ ভিতৰত আছুৰ শক্তিশালী সাংগঠনিক ভেটি আছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ । এই সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হৈছে ৷

টেঙাখাত আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত দুদিনীয়া কার্যসূচীৰে এই অধিবেশন টেঙাখাত মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে ৷ অধিবেশনৰ কার্যসূচী অনুসৰি, সদৌ অসম ছাত্র সন্থাৰ কার্যনির্বাহক সদস্য কনক গগৈয়ে মূল তোৰণ উদ্বোধন কৰাৰ পিছতে চিত্রাংকন প্রতিযোগিতা মুকলি কৰে টেঙাখাত প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈয়ে । গ্রন্থ আৰু বাণিজ্য মেলা উদ্বোধন কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অনিল গগৈয়ে ।

ইফালে মঞ্চ মুকলি কৰে জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তচেন ডেকাই । 'ছাত্র-ছাত্রীসকলৰ সর্বাংগীণ বিকাশৰ বাবে মাতৃভাষা মাধ্যম শ্রেষ্ঠ মাধ্যম' বিষয়ৰ ওপৰত অনুষ্ঠিত তর্ক প্রতিযোগিতা সঞ্চালনা কৰে টেঙাখাত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চিন্ময় ডেকাই । অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক যতীন্দ্রনাথ সোণোৱালে প্রতিনিধি শিবিৰ মুকলি কৰাৰ পিছতে প্রতিনিধি সভা উদ্বোধন কৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্তই ।

মঙলবাৰে অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ কার্যসূচী অনুসৰি, সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঋতুপর্ণ হাতীবৰুৱাই পতাকা উত্তোলন কৰাৰ পিছতে সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে শ্বহীদ তর্পণ কৰিব । টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্রনাথ গগৈয়ে উদ্বোধন কৰিব সাংস্কৃতিক শোভাযাত্রা ।

এই শোভাযাত্রাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অভিনেতা নয়ন নীলিম, কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ আৰু পম্পী পূৰবী । আনহাতে, মুকলি সভাত মুখ্য অতিথি হিচাপে লোক-সংস্কৃতিবিদ ডঃ অনিল শইকীয়া, বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু অতিথি হিচাপে উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচার্য উপস্থিত থাকিব । ইয়াৰ লগতে সভাৰ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।

লগতে পঢ়ক :বহুবিবাহ নিষিদ্ধ আইন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.