বিজেপিৰ ৰাজ্যিক আইন কোষৰ উদ্যোগত স্বচ্ছ তীৰ্থ অভিযান

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:40 AM IST

thumbnail

গুৱাহাটী, 19 জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক আইন কোষৰ উদ্যোগত "স্বচ্ছ তীৰ্থ অভিযান" কাৰ্যসূচী ৷ মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ত দলটোৱে শুকুৰবাৰে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷ স্বচ্ছ তীৰ্থ অভিযানৰ অংশ হিচাপে হাতে হাতে ঝাড়ু লৈ দেৱালয় পৰিষ্কাৰ-পৰিছন্ন কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক আইন কোষৰ প্ৰায় 25 গৰাকী অধিবক্তাই ৷ মন্দিৰৰ লগতে মন্দিৰৰ চৌপাশ পৰিষ্কাৰ-পৰিছন্ন কৰে কর্মীসকলে ৷

তদুপৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সফলতাৰে সম্পন্ন হোৱাৰ বাবে উগ্ৰতাৰাত এখনি শৰাই আগবঢ়াই ৰাজ্যিক আইন কোষৰ কর্মীসকলে ৷ উল্লেখযোগ্য যে দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত এতিয়া ৰাম মন্দিৰ মুকলি অনুষ্ঠানক লৈ বিভিন্ন লোকৰ মাজত উৎসাহ-উদ্দীপনা ৷ স্বচ্ছ তীৰ্থ অভিযান সন্দৰ্ভত ৰাজ্যিক আইন কোষৰ কর্মী সকলে কয় যে, 22 তাৰিখে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে ৰাজ্যৰ সকলো ধৰ্মস্থলী চাফ-চিকুণ কৰা হৈছে ৷

লগতে পঢ়ক: মাণিকপুৰত উলহ-মালহেৰে পালিত হ’ল ভোগালী বিহু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.