জাগুনত গাঁত খান্দোতে উদ্ধাৰ দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহৃত মৰ্টাৰ!

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:38 PM IST

thumbnail

তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰী : শুকুৰবাৰে তিনিচুকীয়া জিলাৰ জাগুনত উদ্ধাৰ কৰা হয় এটা মৰ্টাৰ জাতীয় সামগ্ৰী ৷ জাগুন আৰক্ষী চকী অন্তৰ্গত ৰামনগৰ গাঁৱৰ যোগেন ৰাজকোঁৱৰৰ বাৰীত এটা গাঁত খান্দি থকাৰ অৱস্থাত চাৰি ফুট গভীৰতাত উদ্ধাৰ হয় সক্ৰিয় অৱস্থাত থকা মৰ্টাৰ জাতীয় বিস্ফুৰক সামগ্ৰীটো ৷

সামগ্ৰীটো উদ্ধাৰৰ পিচতে সমগ্ৰ অঞ্চলবাসীৰ মাজত তীব্ৰ ঔৎসুকতাৰ সৃষ্টি হয় ৷ উল্লেখ্য যে সামগ্ৰীটোৰ ওজন প্ৰায় ১০ কিলোগ্ৰাম । মৰ্টাৰসদৃশ সামগ্ৰীটোৰ সন্মুখভাগ ভাগি থকা পৰিলক্ষিত হয় ৷ পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পৰিয়ালৰ মুৰব্বীগৰাকীয়ে ততাতৈয়াকৈ জাগুন আৰক্ষী থানা আৰু জাগুন সেনা শিৱিৰত অৱগত কৰোৱায় ।

খবৰ লাভ কৰাৰ পিচতে তাৎক্ষণিকভাৱে জাগুনৰ আৰক্ষী আৰু সেনাৰ দল উক্ত স্থানত উপস্থিত হয় আৰু প্ৰাথমিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰি উদ্ধাৰ হোৱা অস্ত্ৰটো দ্বিতীয় বিশ্বযুদ্ধৰ বুলি সন্দেহ প্ৰকাশ কৰে আৰু নিস্ত্ৰীয় অৱস্থাত থকা বুলি জানিবলৈ দিয়ে ৷ তাৰ পিচতে অঞ্চলত চাঞ্চল্যৰ মাৰ যায় ৷

লগতে পঢ়ক: মাছৰ সুকীয়া ব্যৱসায়ৰে ৰাজ্যজুৰি সমাদৰ লাভ কৰিছে তিনিচুকীয়াৰ প্ৰসন্ন দাসে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.