ETV Bharat / state

মাছৰ সুকীয়া ব্যৱসায়ৰে ৰাজ্যজুৰি সমাদৰ লাভ কৰিছে তিনিচুকীয়াৰ প্ৰসন্ন দাসে

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:01 PM IST

Updated : Feb 8, 2024, 7:45 PM IST

Fish Packaging Business : মাছৰ ব্যতিক্ৰমী ব্যৱসায়েৰে জিলিকিছে তিনিচুকীয়াৰ গুইজানৰ প্ৰসন্ন দাস ৷ এই ব্যৱসায়েৰে প্ৰসন্ন দাসে স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে সংস্থাপন দিছে আন কেইবাজনো লোকক ৷

Fish Packaging Business
তিনিচুকীয়াৰ প্ৰসন্ন দাসৰ ব্যতিক্ৰমী পদক্ষেপ
মাছৰ সুকীয়া ব্যৱসায়ৰে সমাদৰ লাভ কৰিছে প্ৰসন্ন দাসে

তিনিচুকীয়া, 8 ফেব্ৰুৱাৰী : সাধাৰণতে মাছ বিক্ৰীৰ বাবে সুকীয়াকৈ এখন বজাৰ ৰখা হয় যদিও এতিয়া এজন বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত থলুৱা মাছ অন্য সামগ্ৰীৰ লগতে গেলামালৰ দোকানতো উপলব্ধ হৈছে ৷ তিনিচুকীয়াৰ গুইজানৰ প্ৰসন্ন দাস নামৰ লোকজনৰ একক প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নদীৰ থলুৱা মাছে পাইছে ব্যতিক্ৰমী ৰূপ, যিয়ে এতিয়া ৰাজ্যজুৰি লাভ কৰিছে বিশেষ সমাদৰ ৷

নদীৰ থলুৱা মাছসমূহ মাছমৰীয়াৰ পৰা ক্ৰয় কৰি চাফচিকুণ কৰাৰ পাছত -(মাইনাছ) 18 ডিগ্ৰী ছেলছিয়াছত ৰাখি পেকেট কৰি বিগত দুটা বৰ্ষৰ পৰা গুৱাহাটী মহানগৰীৰ লগতে বিক্ৰী কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গেলামালৰ দোকানসমূহত ৷ 'ঔম ফুড চপ্‌' নামেৰে নামাকৰণ কৰি সকলোধৰণৰ সৰু-বৰ থলুৱা মাছ নিজৰ ইচ্ছা অনুসৰি কম-বেছি পৰিমাণে গ্ৰাহকে ক্ৰয় কৰিব পৰাকৈ এনেদৰে যোগান ধৰি আহিছে প্ৰসন্ন দাসে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত 6 গৰাকীকৈ কৰ্মচাৰীয়ে স্থায়ীভাৱে সংস্থাপন লাভ কৰাৰ লগতে মাছমৰীয়া, মাছ চাফচিকুণ কৰা মহিলাকে ধৰি প্ৰায় অৰ্ধ শতাধিক লোকে লাভ কৰিছে সংস্থাপন ৷ যাৰ বাবে গুইজান অঞ্চলৰ লগতে সমগ্ৰ তিনিচুকীয়াতে প্ৰসন্ন দাস হৈ পৰিছে এক আদৰ্শ ব্যক্তি ৷

নিজস্ব চিন্তা-চৰ্চাৰে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে পেকেটিং মাছৰ ব্যৱসায় আৰম্ভ কৰা প্ৰসন্ন দাসৰ এই প্ৰচেষ্টাক ৰাইজৰ লগতে শলাগ লৈছে চৰকাৰে ৷ ইতিমধ্যে চৰকাৰে দাসক মাছ সৰবৰাহ কৰাৰ সুবিধাৰ্থে এখন শীত-তাপ নিয়ন্ত্ৰিত বাহন প্ৰদান কৰিছে ৷ যিখন বাহনেৰে দাসে ৰাজ্যজুৰি দোকানসমূহত যোগান ধৰি আহিছে মাছ ৷

উল্লেখ্য যে, আজিৰ সময়ত সকলোৱে এই মাছসমূহ আদৰি লোৱাৰ আছে বিশেষ কাৰণ ৷ কিয়নো সাধাৰণতে বজাৰৰ পৰা ক্ৰয় কৰা মাছৰ তুলনাত ই কিছু পৃথক যদিও সোৱাদ অথবা গুণাগুণৰ ক্ষেত্ৰত পৃথক নহয় ৷ এই মাছসমূহ দোকানৰ পৰা ক্ৰয় কৰি আনি চাফচিকুণ কৰাৰ বাবে নালাগে কোনো সময় ৷ দোকানৰ পৰা আনি মাত্ৰ পাঁচ মিনিট সময় সাধাৰণ পানীত ৰাখিয়েই কোনো চাফচিকুণ নকৰাকৈ ৰান্ধিবলৈ প্ৰস্তুত কৰিব পাৰি এই মাছ ৷ সেইবাবে বৰ্তমানৰ ব্যস্ত জীৱন শৈলীত পেকেটত উপলব্ধ এই মাছ আদৰি লৈছে সকলোৱে ৷ প্ৰসন্ন দাসে জনোৱা মতে পেকেটত উপলব্ধ এই মাছ পেকেটিং কৰাৰ পৰা 6 মাহ পৰ্যন্ত নষ্ট নোহোৱাকৈ থাকে ৷

লগতে পঢ়ক : ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী

Last Updated : Feb 8, 2024, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.