ETV Bharat / state

ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 12:30 PM IST

Preparations for session of Shankardev Sangha in Rangia
ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী

Shankardev Sangha in Rangia session: ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজলৈ মাথো কেইটিমান মূহুৰ্ত্ব বাকী । ইতিমধ্যে অধিৱেশনস্থলীলৈ ৰাজ‍্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল উপস্থিত হ’বলৈ আৰম্ভ কৰিছে । অধিৱেশনৰ তিনিদিনৰ কাৰ্যসূচীত মহাভোগ গ্ৰহণ কৰিব প্ৰায় ২০ লাখ ধৰ্মপ্ৰাণ ৰাইজে । ৰান্ধনীশালত সাজু হৈছে ৩০৮ টা চৌকা ।

ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী

ৰঙিয়া,৮ ফেব্ৰুৱাৰী: ৰঙিয়াৰ হাতীখলা পথাৰ এতিয়া উখল-মাখল পৰিৱেশ । অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিবেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী । ভকতক আপ্যায়ন কৰিবলৈ কৰা হৈছে সকলো ব্যৱস্থা । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ তিনিদিনৰ কাৰ্যসূচীত মহাভোগ গ্ৰহণ কৰিব প্ৰায় ২০ লাখ ধৰ্মপ্ৰাণ ৰাইজে ।

ভোগ প্ৰস্তুত কৰাৰ বাবে ৩০৮ টা চৌকাৰে সাজু কৰা হৈছে ৰান্ধনীশাল । ৩০৮ টা চৌকাৰ ভিতৰত থাকিব ৮ টা বিশেষ চৌকা । এই বিশেষ চৌকা কেইটাত এবাৰতে প্ৰায় ৮ ৰ পৰা ১০ থালি ভোগ প্ৰস্তুত কৰিব পাৰিব । এবাৰতে ৬ শ ৰান্ধনীয়ে প্ৰস্তুত কৰিব অন্ন । লগতে ভোজন গৃহত একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব ১০ হাজাৰ বাপ-বান্ধৱ আৰু আই-মাতৃয়ে । ইতিমধ্যে ৰান্ধনী শালৰ লগতে ভোজন গৃহৰ ১০০ শতাংশ কামেই সম্পূৰ্ণ হৈ উঠিছে ।

ইফালে অধিবেশনত অংশগ্ৰহণ কৰা ২০ লক্ষাধিক লোকৰ ভিতৰত ৫০ হাজাৰ লোকৰ বাবে সাজু কৰা হৈছে শিবিৰ । ১১১ টা শিবিৰত ২৭,৭৫০ গৰাকী ভকত, বৈষ্ণৱ আৰু আই মাতৃয়ে বিশ্ৰাম গ্ৰহণ কৰিব পাৰিব । লগতে অধিবেশনস্থলীতে ১০ হাজাৰ সেৱক-সেৱিকাই একেলগে থাকিব পৰাকৈ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে এটা বৃহৎ আকাৰৰ বিশেষ শিবিৰ ।

আনহাতে ওচৰৰ বিদ্যালয়, মহাবিদ্যালয় আৰু সংঘৰ ২২ টা ঘৰ সাজু কৰি ৰখা হৈছে অধিবেশনত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে । শিবিৰত থকা প্ৰায় ৫০ হাজাৰ ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃক শুশ্ৰূষা কৰাৰ বাবে সেৱক-সেৱিকাক সাজু কৰি ৰখা হৈছে । ইতিমধ্যে দূৰ-দূৰণিৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হৈছে অধিবেশনস্থলীলৈ । ধৰ্মপ্ৰাণ লোকসকলে নাম-কীৰ্ত্তন কৰি অধিবেশনস্থলীত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: উপহাৰ কুপন খেলৰ পুৰস্কাৰ মূল্যৱান গছপুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.