ETV Bharat / state

উপহাৰ কুপন খেলৰ পুৰস্কাৰ মূল্যৱান গছপুলি

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:35 AM IST

Lottery in Tingkhang: ৰাজ্যবাসীক আচৰিত কৰিব পৰা এখন বিশেষ উপহাৰ কুপনৰ খেল । বিশেষ উপহাৰ কুপনৰ খেলখনে ব্যাপক চৰ্চা লাভ কৰিছে ডিব্ৰুগড়ৰ টিংখাঙত । লটাৰী পুৰস্কাৰৰ তালিকাত আছে বিভিন্ন ধৰণৰ মূল্যৱান গছ আৰু ফল-মূল আৰু নানাৰঙী ফুলৰ পুলি । বিনামূলীয়া উপহাৰ খেলখনত মুঠ ৯৭ জনে পুৰস্কাৰ লাভ কৰিব ১৬০০ জোপাতকৈ অধিক মূল্যৱান উন্নত প্ৰজাতিৰ ফল-মূলৰ পুলি ।

Valuable saplings in lottery in Tingkhang
উপহাৰ কুপন খেলৰ পুৰস্কাৰ মূল্যৱান গছপুলি

উপহাৰ কুপন খেলৰ পুৰস্কাৰ মূল্যৱান গছপুলি

ডিব্ৰুগড়,৮ ফেব্ৰুৱাৰী: পৃথিৱীক সেউজীয়া কৰাৰ প্ৰয়াসৰে এখন বিশেষ উপহাৰ কুপনৰ খেল । সম্পূৰ্ণ ব্যতিক্ৰমী এইখন উপহাৰ কুপনৰ খেলৰ পুৰস্কাৰসমূহ লৈ ব্যাপক চৰ্চা । এইখন খেলৰ টিকটৰ বাবে আপুনি ভৰিব নালাগে পকেটৰ ধন । মাত্ৰ এটা WhatsApp মেচেজ কৰিলেই আপুনি লাভ কৰিব পাৰে বিনামূলীয়া উপহাৰ ।

যি সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত উপহাৰ কুপনৰ জৰিয়তে লাখ লাখ টকীয়া বিলাসী বাহনৰ খেল অনুষ্ঠিত কৰি আহিছে তেনে সময়তে টিংখাঙৰ এই বিশেষ লটাৰীত পুৰস্কাৰৰ তালিকাত আছে বিভিন্ন ধৰণৰ মূল্যবান গছ আৰু ফল-মূল আৰু নানাৰঙী ফুলৰ পুলি । ৰাইজ তথা যুৱ প্ৰজন্মক প্ৰকৃতিৰ প্ৰতি সজাগ ও আগ্ৰহী কৰি তুলিবলৈ টিংখাঙৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক বিজু গগৈয়ে গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী ও প্ৰশংসনীয় পদক্ষেপ ।

টিংখাঙৰ ধমন পঞ্চায়তৰ অন্তৰ্গত অতি ভিতৰুৱা নলনী কপহুৱা গাঁৱৰ যুৱক বিজু গগৈয়ে বিগত পাঁচ বছৰ পূৰ্বে কম মূলধনেৰে আৰম্ভ কৰিছিল এখন ফল-মূল আৰু ফুলৰ নাৰ্চাৰী । মাত্ৰ পাঁচ বছৰ ভিতৰতে নিজৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত বিজুৱে এই নাৰ্চাৰীৰ পৰা সফলতা লাভ কৰি বৰ্তমান নাৰ্চাৰীৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হোৱাৰ লগতে উজনি অসমৰ বৃহৎ নাৰ্চাৰী সমূহৰ এখন অন্যতম "চানফ্লাৱাৰ" নাৰ্চাৰী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

তদুপৰি এইগৰাকী প্ৰতিভাৱান যুৱকে তেওঁৰ নাৰ্চাৰীত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ২৫ জনকৈ লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে । অহা ১৬ ফেব্ৰুৱাৰীত তেওঁৰ চানফ্লাৱাৰ নামৰ নাৰ্চাৰী খনৰ পাঁচ বছৰ সম্পূৰ্ণ হ'ব । নাৰ্চাৰীখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কৃষক ৰাইজৰ বাবে আয়োজন কৰা হৈছে এই বিনামূলীয়া উপহাৰ কুপনৰ খেল । 7418318785 আৰু 8822441650 এই দুটা বিশেষ মোবাইল নম্বৰৰ যিকোনো এটাত নিজৰ নাম ঠিকনা লিখি WhatsAppত মেছেজ কৰি দিলেই তেওঁ লাভ কৰিব পাৰে বিনামূলীয়াকৈ বহু মূল্যৱান গছ, ফল- মূলৰ লগতে ফুলৰ পুলি ।

এই বিনামূলীয়া উপহাৰ খেলখনত মুঠ ৯৭ জনে পুৰস্কাৰ লাভ কৰিব ১৬০০ জোপাতকৈ অধিক মূল্যবান উন্নত প্ৰজাতিৰ ফল-মূলৰ পুলি । বিভিন্ন সময়ত বিনামূলীয়া বহু গছ পুলি বিতৰণ কৰি অহা বিজু গগৈৰ শেহতীয়া এই পদক্ষেপে ব্যাপক চৰ্চা লাভ কৰিছে ৰাইজৰ মাজত ।

লগতে পঢ়ক: ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন, পদত্যাগ ভাৰপ্ৰাপ্ত সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.