মণিপুৰত দুৰ্বৃত্তৰ গুলীচালনাত আহত ট্ৰাক চালক: কেবাখনো বাহনৰ ক্ষয়-ক্ষতি - Manipur firing

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 8:42 PM IST

thumbnail

শিলচৰ, ১৬ এপ্ৰিল: পুনৰ উত্তপ্ত মণিপুৰ । ৰাজ্যখনৰ থলেন কুকি গাঁৱত গুলীচালনাৰ ঘটনা । চলন্ত তেলৰ টেংকাৰসহ কেইবাখনো ট্ৰাকক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ । গুলীবিদ্ধ এজন চালক । মঙলবাৰে পুৱাৰ ভাগত মণিপুৰৰ জিৰিবাম-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ কাইমাই আৰক্ষী থানাৰ অধীনত থকা থলেন কুকি গাঁৱত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা । জানিব পৰা মতে, ৰাজপথেৰে তেল ভৰ্তি টেংকাৰসহ কেইবাখনো মালবাহী ট্ৰাক গৈ থকাৰ সময়তে হঠাৎ এদল দুৰ্বৃত্তই বাহন কেইখনক লক্ষ্য কৰি কেবা ৰাউণ্ডো গুলী চালনা কৰে । ফলত তেল টেংকাৰৰ এজন চালক ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয় । 

লগতে বাহন কেইখন গুলীৰ আঘাতত যথেষ্ট ক্ষতিগ্ৰস্ত হয় । এই ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ পাচত মণিপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে । ইপিনে সন্দেহ কৰা হৈছে যে কুকি উগ্ৰপন্থীয়ে এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে । এই ঘটনাৰ পাচত পুনৰ মণিপুৰ ৰাজ্যত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক: ভয়ংকৰ সংঘৰ্ষত নিহত শীৰ্ষ নেতাসহ ১৮ নক্সালবাদী - NAXALITES ENCOUNTER

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.